পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১১৩)

হৈ পূৰ্ব্বৰ ৰজা সকলৰ দিনত যিবোৰ বন্দিয়াৰক অন্যায়কৈ বন্দি কৰিচিল সিহঁতক এৰি দিবৰ আজ্ঞা দিলে।

 পিচে মুক্ত, হোৱা বন্দিয়াৰ বোৰে ৰজাক আশীৰ্ব্বাদ কৰি বলৈ আহিল তাৰে মাজত বৰ বুঢ়া এটা ৰজাৰ ভৰিত পৰি কলে বোলে, হে চীন দেশৰ মহাপিতৃ চোৱা ময় এটা চাৰি কুৰি বচৰিয়া বুঢ়া, মোক বাইচ্ বচৰ বয়সতে বন্দি সালত দিচে কিন্তু ময় একো অপৰাধ কৰা নাচিলোঁ রু মোক কেৱে অপৰাধী বোলাও নাচিল ময় অকলে এন্ধাৰত আজি তিনি কুৰি বছৰ আচোঁ আরু দুখ সহি মোৰ সহজ হৈছে, যি সূৰ্য্যৰ দিপ্তিলৈ তুমি মোক এৰি দিচা তাক মোৰ চকুৱে মনিব নোৱাৰে মোক সহায় কৰিবলৈ আরু মোৰ দুখ গুচাবলৈ কেৱে মোক মনত ৰাখিচে বুলি আলিত বিচাৰি ফুৰিলোঁ কিন্তু মোৰ বংশৰ কেৱে নাই কিয়া হল, মিত্ৰ বোৰো মৰি ঢুকাল আৰু সকলোৱে পাহৰিলে। এতেকে হে মহাৰাজ ময় যি কেইদিন জিওঁ সেই কেইদিন বন্দি শালতে থাকিব দিয়া, বন্দি শালৰ বেৰ মোৰ মনত বৰ ৰজা থকা ঘৰত কৈও ভাল, ময় আৰু সৰহ দিন নিজিও এতেকে যি বন্দি শালত ময় ডেকা আরু লৰা কাল খেদালোঁ তাত যদি এতিয়া থাকিব নিদিয়া তেন্তে ময় দুখিয়া হম।