পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৩৮ )


ভুকিবলৈ উচটাই দিলত কলা চুলিৰে এহাল মতা আরু মাতি সিংহ দেখিলোঁ। মাতিটো আমাফ দেখি বনৰ আৰহৈ পলাল, কিন্তু মতাটো আগবাঢ়ি আহি আমাক চাব ধৰিলে; আমি, সকলোৱে, ভয় পাই হিলৈ খাঁজি যুগুতহৈ থাকিলোঁ, কিন্তু কুকুৰ বোৰে তাৰ গুৰিলৈগৈ ভুকিব ধৰিলত সিংহে আপোনাৰ বল জানি তালৈ মন নিদি আমাৰ ফালেহে চাই আচিল, কিন্তু কেইটা মান কুকুৰবৰ কোখৰলৈ গৈ ভুকাত হাত লৰাইয়েই দুটা মাৰিলে আরু সিহঁতক কেনেকৈ মাৰিলে আমি মনিবকে নোৱাৰিলোঁ। কুকুৰে ভুকাত আমি হিলৈৰে গুলিওৱাত সিংহৰ গাত লাগি তেজ বব ধৰিলে পিচে আমাক সি জাপ মাৰি ধৰিব বুলি আচিলোঁ কিন্তু লাহে২ আঁতৰ হৈহে গল। এই সিংহটো অতি ডাঙ্গৰ প্ৰায় বলধ এটাৰ নিচিনা আরু ইয়াকে কলা সিংহ বোলে।

 আফ্ৰিকাৰ দক্ষিণে যত হটেণ্টট নামে এক জাতি মানুহ আচে সিহঁতে সদাই সিংহৰ হাতত পৰে। এদিন গধুলি এটাই সিংহে তাক খেদি অহা দেখি পৰ্ব্বতৰ শৃঙ্গলৈ উঠি্‌ গৈ অলপ্‌ দত থিয় দি এডাল লাখুটিৰ মুৰত তাৰ টুপি আরু চোলাদিলৰালত সিংহে তাকে মানুহ বুলি শৃঙ্গৰ পৰা জাপ মাৰোতে পৰ্ব্বতৰ জহৰত পৰিল, আরু এদিন এটা হটেণ্টট গরুক পানি খুৱাবলৈ নিব লাগিচিল এনেতে সিংহ এটাই তাক খেদাত সি লৰি গৈ এজোপা গচত উঠি্ল‌, কিন্তু সিংহে জাপ মাৰি তাক ঢূকি নেপাই গচৰ তলতে এদিন বহি থাকি