পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/২২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২১৩ )


তাকে কোৰাণ বোলে আরু তাত খ্ৰিষ্টীয়ানৰ বাইবলৰ আরু য়িহুদি বিলাকৰ তালমদ পুথিৰ অনেক কথা আছে।

 মুষলমান বিলাকে একে জনা ঈশ্বৰক সম্পূৰ্ণ নিৰ্ব্বিকাৰ সৃষ্টি কৰ্ত্তা ৰক্ষক আরু সকলোৰে আজ্ঞা কাৰক বুলি মানে সিবিলাকে প্ৰতিমা পূজাক ইমানকৈ ভয় কৰে যে জিয়াই থকা কোনো বস্তুৰ ছবী বা মূৰ্ত্তিকো ব্যৱহাৰ কৰিবনা পাই। মুষলমা ঈশ্বৰৰ দূত আরু ভূত ইত্যাদিত বিশ্বাস কৰে আরু মুসিসৰ পুস্তুক ধৰ্ম্ম গীত আরু খ্ৰিষ্টীয়ানৰ শুভ বাৰ্ত্তা এই সকল ঈশ্বৰৰ বাক্য বুলি মানে। আদম, নুঃ, এব্ৰাহাম, মুসিস্ আরু যিশু খ্ৰিষ্টক ঈশ্বৰৰ নবি বুলি মানে কিন্তু মহম্মদক ঘাই বুলি বিস্বাস কৰে, শৰীৰ আকৌ উঠাক আরু সোধ হোৱাৰ কথাও মানে আরু ভাবে বোলে বেয়া ভাল সকলো কথা ঈশ্বৰৰ আজ্ঞাৰে হয় আরু সেই সকল সপ্ত স্বৰ্গত চীৰস্থায়ী পাটত লেখি থৈছে।

 এই ধৰ্ম্মৰ ক্ৰিয়া সকলৰ মধ্যত প্ৰধান নানা ৰূপে শৰীৰ ধোৱা আরু দিনৰ ভিতৰত পাঁচ বেলি আৰাধনা কৰা। যেতিয়া মসীদৰ পৰা (নমাজ) প্ৰাৰ্থনা কৰিবলৈ মাতে তেতিয়া শক্তি থকা সকলোৱে প্ৰাৰ্থনা কৰিবলৈ মসীদলৈ জায়। ভাল মুষলমান বিলাক প্ৰাৰ্থনা কৰিবলৈ এনেহে সাৱধান যে আৰাধনাৰ সময় পালে সিবিলাকে ষতে থাকে তাতে আঠু কাঢ়ি মক্কাৰ ফালে মুখ দি আৰাধনা কৰে। সিবিলাকে দান দিয়া ব্ৰত কৰা ইত্যাদি পুণ্য কৰ্ম্মও কৰে।