পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪০ )


 যেতিয়া অধ্যাপকে দোষ পাই ছাত্ৰক মাৰে তেতিয়া তেঁওক নিৰ্দয় বোলা বৰ বেয়া জিটো অধ্যাপকে ছাত্ৰে দোষ কৰিলে তাক চেকনিৰে নোকোবাই সেই অধ্যাপকৰ প্ৰতি ছাত্ৰেই চেকনি হব।

 কেতবোৰ লৰাই দোষৰ হৈ মাৰ খালে অধ্যাপকক খঙ্গ কৰে কিন্তু তুমি এনে কথা কেতিয়াও নকৰিবা, তোমাৰ অধ্যাপকৰ অনুগ্ৰহ আকৌ পাবলৈহে পুরুষাৰ্থ কৰিবা; তোমাক শিকাবলৈ তেওঁবিলাকে যিমান শ্ৰম কৰিচে তাকে মাথোন ভাবি চোৱা। মৰমিয়াল মানুহে শিকাবলৈ ভাল পায়, কিন্তু তেও সিবিলাকৰ কেতিয়াবা২ খঙ্গ উঠে্‌।

 হে লৰাহঁত তোমোলাকৰ শিক্ষকক অতি মান্য কৰা আরু তোমোলাকক তেঁও খঙ্গ করিলে তেঁওক নিৰ্ম্মৰমিয়াল বুলি নেভাবিবা,আপোনাতে ভাবি চোৱা মাথোন; তোমাৰ কেতি য়াও খঙ্গনুঠে্নে‌? উমলিবৰ সময়ত তুমি তোমাৰ লগৰিয়াক খঙ্গ নকৰানে? এতেকে তোমাক পঢ়াওঁতে বেজাৰ পাই তোমাৰ অধ্যাপকে অলপ খঙ্গ কৰিলে তুমি বেয়া নেপাবা। বিদ্যা কেনে মূল্যবান তাকে মাথোন ভাবা বিদ্যা অমূল্য ৰতন। এতেকে তোমাক এনে ৰতন যোনে দিচে তাৰ প্ৰতি কেনে কৃতজ্ঞ আৰু চেনেহিয়াল হব পোৱা।