পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২৮ )


অকাৰনত নষ্ট কৰা? তোমাৰ ধেমালি কৰাৰপ্ৰস্তাৱ আছে এতেকে ময় যে তোমাক কলোঁ বোলোঁ তোমাৰ সময় নষ্ট কৰা বেয়া তাকে তুমি সদাই মনত ৰাখিবা।

FEAR OF GOD.
ঈশ্বৰলৈ ভয়।

 মনুষ্যে অকল মঙহৰ্ হে ক্ষতি কৰিব পাৰে কিন্তু জীৱা- তমাৰ একো কৰিব নোৱোৰে, এতেকেক তাক ভয় নকৰিবা কিন্তু মহৎ ঈশ্বৰক সদাই ভয় কৰিবা, কিয়নো তেঁও আমাৰ শৰীৰকো নষ্ট কৰিব পাৰে আরু জীবাত্মাকো নৰ কত পেলাব পাৰে। আমি নিশ্চয় জানো যে সকলোৱে এক সময়ত মৰিব আরু সকলো মনুষ্যকে ঈশ্বৰে যি ধুলিৰ পৰা সৃষ্টি কৰিছে তালৈকে আকৌ পঠাৱ।

 এই সংসাৰত ধন নেসাঁঢিবা কিয়নো ধনক মামৰে আরু পোকে নষ্ট কৰিব পাৰে আরু চোৰ সোমাই নিব পাৰে, কিন্তু স্বৰ্গলৈ ধন সাঁচা তাত মামৰেও একো কৰিব নোৱাৰে আরু চোৰেও চোৰ কৰিবলৈ ওচৰ চাপিব নোৱাৰে, এই নিমিত্তে যত তোমাৰ ধন আছে তাতে তোমাৰ চিত্তো থাকিব।

 যি আহিব লাগিচে তালৈ বৰ আশা নকৰিবা, কিয়নো এদিনতেনো কি হয় তাক তুমি নেজানা। হে প্ৰভু আমাক