পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৮৬ )


পাতিলত তাৰে পৰা এই তিন দেশৰ অধিকাৰ হল পি ১৭৭৫ শঁকত অযোধ্যাৰ নবাব আসফদ্দৌলাই সৈতে সন্ধি কৰি কাশী প্ৰদেশ দলে ১৭৯২ আরু ১৭৯৯ শঁকত টিপু সুলতানৰ দেশ অধিকাৰ হল এনেকৈ কাল ক্ৰমে প্ৰায় গোটই খন ভাৰতবৰ্ষেই এতিয়া কম্পানিৰ অধিকাৰ হৈচে, আরু দেশাধিপতি হৈ প্ৰজাৰ সুখ বঢ়াবলৈ হে পুরুষাৰ্থ কৰিচে; তাৰে পৰা জনা জায় যে এই দেশব কুশললৈহে ঈশ্বৰে ইবিলাকক দেশৰ অধিপতি কৰিছে।

⸻⸻

OF THE LOCAL GEOGRAPHY OF ASAM.
অসম দেশেৰ বিবৰণ।

 হে প্ৰিয় লৰা বিলাক এতিয়ালৈকে আমি যি সকল কথা লেখিচোঁ সি অন্য দেশ বিষয়ক কিন্তু যি দেশত তোম লাক আচা তাৰ বিবৰণ নেজানা এতেকে তলত মুঠ্কে‌ লেখিলোঁ।

 পূৰ্ব্বে চুকাফা নামে আদি অসম ৰজা এই দেশলৈ আহি বৰ পৰাক্ৰমী হৈ সকলোকে তলতিয়া কৰাত তেঁওক লোকে অসম অৰ্থাৎ তেঁওৰ সমান কেৱে নোহোৱা বুলিলত তেঁওৰ দেশৰো নাম অসম হল সেই নিমিত্তে এতিয়া গোটেই খন দেশকে অসম দেশ বোলে। এই দেশৰ নামৰ আদি মূল এই।

 অসম দেশৰ উত্তৰ আরু উত্তৰ পুৰ্ব্ব সীমাত ভোট, অঁকা,