পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৫৩ )


 ময় কনা হলোঁ দেখি মোৰ পিতৃ মাতৃয়ে বৰ অসন্তোষ কৰিচিল, কিন্তু সিবিলাক বনলৈ জোৱাত আমাৰ ওচৰ চুবুৰিয়াই মৰম্ কৰি মোক প্ৰতিপাল কৰিচিল; পিচে মোৰ সাত বছৰ মান বয়স্ হলত এজনি বুঢ়িয়ে এদিন মোত কলে বোলে নাৰায়ণী তয় কনা হয় কিন্তু এনেই বহি থকা ভাল ন হয়, খোড়া আরু কোঙাই ও বন কৰি খাইচে এতেকে আপি তয় যদি ভাল পা তেন্তে ময় তোক মোজা ববলৈ শিকাব পাৰোঁ, কিন্তু শিকিবলৈ বেজাৰ বুলি ভয় নকৰিবি, প্ৰথমে শিক বৰ ঢিল ন হয়।

 এই কথাত ময় বৰ হৰ্ষ পাই পিতৃ মাতৃক প্ৰবৰ্ত্তাবলৈ উপায় কৰিব পাৰিম হেন বুলি সেই দিনাৰে পৰা মোজা বোৱা বেজিলৈ মোজা ববলৈ শিকিব ধৰিলোঁ।

 ভালে মান দিললৈকে ময় অতি লাহে২ শিকিলোঁ আরু কেতিয়াবা পাৰিম হেন বুলি ভবা নাচিলোঁ, কিন্তু সেই বুঢ়িয়ে ভাল মনেৰে শিকিব দিলত ময় শেষত মোজা বন্ধা জৰি এজোৰ বলোঁ, পিচে মোজা ববলৈকো শিকিলোঁ; এতিয়া ওৰে দিনটো বলেও বেজাৰ নালাগে আরু মানুহেও কনা চোৱালিয়ে বোৱা মোজা কিনিবলৈ ভাল পাই।

 নাৰায়ণীয়ে এই সকল কথা শুনি আপোনাৰ চৰিত্ৰ বেয়া বুলি জানি ভাবিলে বোলে কনা চোৱালিয়েই যদি ববলৈ শিকিলে ময় চকু থকাত শিকিবলৈ আরু ঢিলাহে।

 পাচ দিনাৰে পৰা তাই ভাল মনেৰে পাঠ পঢ়িবলৈ ধৰি