পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৯০)

এনেকৈ ভয় কৰে তাৰ ওপৰত তেঁও কৃপাৰ ওপৰত কৃপা দমাই আরু তাৰ মৰমিয়াল পিতৃহৈ চেনেহ কৰে৷

" ALL YE ARE BRETHREN."

“তোমোলাক সকলোৰে ভাতৃ”।

 তোমোলাক যি সকল এই পঢ়াশালিলৈ আহি বৰ হৰ্ষ মনে একে লগে বহি হাতত ধৰা ধৰিকৈ আচা সকলোৱে ভাই ককাই আরু একে পিতৃৰে সন্তান, কিয়নো একে জনা দয়া ময় পিতৃয়ে তোমোলাক সকলোকে স্ৰজিচে, সক লোকে প্ৰেম কৰে আরু ৰক্ষা কৰে। তোমোলাকৰ এটাক যেনেকৈ ৰাখিচে তেনেকৈ সকলোকে একে জনাই ৰাখিচে। তেঁও তোমোলাকক সুখী দেখিলে হৰ্ষ পায় আরু তোমোলাকক খাবলৈ আরু লবলৈ দিয়ে; তোমোলাকে পৰস্পৰ প্ৰীতি কৰিলেও তেঁও আনন্দিত হয়।

 এতিয়া তোমোলাক একে বংশৰে লৰা হৈ কেনেকৈ থাকিব পোৱা? তোমোলাকে পৰস্পৰ এনেহে প্ৰীতি আরু মৰম কৰিবা যে যোনে দেখে সেইয়ে তোমোলাকক যেন ভাই ককাই বুলি ভাবে! তোমোলাকে কেতিয়াও মৰা মৰি আরু দন্দ নকৰিবা কোনো বস্তু লৈ কঢ়া কঢ়ি ও ন কৰিবা,হিংসা ও নকৰিবা সংক্ষেপ কৈ কব লাগিলে তোমোলাকৰ ভাই ককাইক যেনেকৈ ব্যৱহাৰ কৰা তেনেকৈ আনকো কৰিবা; তাৰ দ্বাৰা সকলোৱে সুখী হৈ থাকিব পাৰিবা।