সমললৈ যাওক

পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৫০ )


ধৰ্ম শাস্ত্ৰালয় আছে। আরু ৮০০ উকিল সকলো সোধ ঠাইত তাচে। লণ্ডনত, ১৪ টা ফাটক আরু ৰজাই কৰা চাৰি ঠাইত চিত্ৰ কৰ্ম্ম ইত্যাদি হয় আরু ওঠেৰ টা পুস্তকালয় আচে তাতে সকলো ভাষাৰে পুথি থাকে আরু সকলোৱে তালৈ গৈ সেই পুথি পঢ়ি মনুবৃদ্ধি কৰে।

 লণ্ডন নগৰ পৃথিবীৰ সকলো ঠাইতকৈ ঘাই বাণিজ্য স্থান, এই নগৰৰে বচৰেকত এশ ক্ৰোৰ টকাৰ বস্তুৰ অহা জোৱা হয়। লণ্ডন নগৰৰ তেমস্ নদীত চাৰি খন মহা শাঁকো আচে, তাৰ ওপৰেৰে গাৰি আরু ঘোৰা সদাই জোৱা অহাকৰে আরু তলেৰে জাহাজ চলে। যিশাঁকো শেষত সাজিচে তাত ৮০ আশি লক্ষ টকা ব্যয় হৈছে।

 কিচু কাল হল এই নদীৰ পানিৰ তলেৰে মাটি খানি এটা বাট কৰিচে, তাৰে গাৰি ঘোৰা আৰু মানুহ অহাজোৱা কৰে। আরু সেই শাঁকোৰ ওপৰেৰে নাও চলে। লণ্ডনত চাৰি পাঁচ হেজাৰ পৰিয়া আচে। সিহঁতে ৰাতিয়ে দিনে ফুৰি নগৰ ৰক্ষা কৰে আৰু এই নগৰৰ প্ৰতি আলিতে চাকি জলে তাতে লোকে সুখে ৰাতি অহা জোৱা কৰিব পাৰে। পূৰ্ব্বে তেল ইত্যাদিৰেহে আলি পোহৰ হৈচিল, কিন্তু এতিয়া কেই বচৰ মানৰ পৰা গাচ নামেৰ এবিধ বস্তুৰে চাকি লগায় তাৰে পোৰ হয়। সেই গাচ কেনেকৈ কৰে কওঁ শুনা; নগৰৰ ঠাইয়ে২ গাচ্‌ কৰিবলৈ ঘৰ আছে, সেই ঘৰতে অনেক নাগ মাটি বা তেল পুৰি তাৰ ধোঁৱা লগকৰে। সেই ধোঁৱা