পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৯৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৮৫)

ৰিত নহয়, মানুহৰ মাজত থাকিলে হাইত বিদ্যা শিক্ষা নহব বুলি ভয় কৰি তেঁও মাটিৰ তলত এটা ঘৰ কৰি তাতে (এটা চাকি লগাই পঢ়িচিল আরু কেতিয়াবা২ দুমাহ তিনি মাহলৈকে তাতে সোমাই আচিল সেই গতত চাকিৰ পোহৰত তেঁও যি বক্তৃতা ৰচনা কৰিচিল তাক তেঁওক হিংসা কৰা বোৰে তেল২ গোন্ধাই বুলি কৈচিল।

 তেঁও নিতৌ অতি সোন কালে উঠিচিল আরু আন কোনো বনুৱা তেঁওতকৈ আগৈ উঠিলে বৰ অসন্তোষ পাইচিল তেঁও বিদ্যাত নিপুণ হবলৈ যি অসম্ভব শ্ৰম কৰিচিল তাৰ প্ৰমাণ এই এটা; তেঁও গ্ৰীক দেশেৰ প্ৰধান পুৰাবৃত্ত বিবৰ ণৰ পুঁথি আপোন হাতেৰে আঠ্ বেলি লেখিচিল, এই অতি প্ৰায় কৰি যে তেনেকৈ লেখিলে সেই গ্ৰন্থৰ ভাষা তেঁওৰ মনত থাকিব।

 এনে আচৰিত শ্ৰম কৰি দিমস্তিনিচ্ শেষত এনেহে সদ্বক্তা হল যে তেঁও বক্তৃতা কৰিব ধৰিলে তাকে শুনিবলৈ গ্ৰীক দেশৰ সকলো ঠাইৰ পৰা মানুহবোরু জুম বান্ধি২ এথেন্স নগৰলৈ আহিছিল।

“THE EYES OF THE LORD ARE IN EVERY PLACE.’’

“ঈশ্বৰৰ চকু সকলো ঠাইতে আচে”।

 এই কথাটো বৰ আচৰিত হয় কিন্তু অতি সঁচা আরু দিনৰ প্ৰতি মুহূৰ্ত্তকে সি তোমোলাকৰ মনত থাকিৰ পাই,