পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৬০ )


গাড়ি সকলোতকৈ বেগে জায় একে ঘড়িতে ডেৰ কুৰি দুকুৰি বা তিনি কুৰি মাইল অৰ্থাৎ এই মান ডাঁৰৰ বাট জাব পাৰে।

 মাটিত যেনেকৈ পানিতো তেনেকৈ ভাপৰ কল অনেক কৰ্ম্মত লাগে। কেই বচৰ মান হলে আমেৰিকা দেশত এক সাহাবে বঠা্‌ নোহোৱাকৈ ভাপৰ কলেৰে নাও চলাব পাৰি বুলি এখন নাও কৰি তাত বঠা্‌ নিদিয়াকৈ ভাপৰকল এটা তাৰ মাজত দি নাৱৰ দুই ফালে দুটা ঘিলা দিলে, আরু কলে সৈতে লগাই ঘুৰিব পৰা কৰিলে, আরু সেই ঘিলাত কেতবোৰ বঠা্‌ বান্ধিলে। পিচে কল ঢলাত ঘিলা দুটাও ঘূৰিল আরু তাৰ লগতে বঠা্‌ বোৰো ঘুৰাত নাও চলিব লা গিল। এই দৰে এই কৰ্ম্ম সিদ্ধি হোৱাত আন মানুহেও এই দৰে কৰিলে; আরু এতিয়া ইউৰোপ আৰু আমেৰিকাৰ সক লো ঠা্ই‌তে ভাপব নাও প্ৰচলিত হৈছে। এই নাও বোৰ অতি ডাঙ্গৰ, তাৰ কোনো২ বোৰত দুশ মানুহ খাই শুই জাব পাৰে। দেখিবলৈ প্ৰায় সরু জাহাজ খনৰ নিচিনা আরু উজাই বতাহক মুখ কৰিও এক ঘড়িত তিনি ক্ৰোশ আরু চাৰি দিনত আড়াইশ ক্ৰোশৰ বাট চলে। ভাপৰ নাও দিনে ৰাতিয়ে এনে স্থিৰহৈ চলে যে তাত জোৱা মানুহে চলি চে বুলি, গমকে নেপায়।