পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/২১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২০৮ )


হৈ তাৰ সভাস্থ বিলাকো যদি সম্মত হয় তেন্তে সেই প্ৰসঙ্গ ৰজাৰ তলৈ জায়, পিচে ৰজাইও সম্মত হৈ চহি কৰিলে সেই আইন হয় আৰু প্ৰজাই তাক মনিব পাই। কিন্তু ৰজাই চহি নকৰিলে আইন হব নোৱাৰে। যদি কোনো লোকে ৰাজ দ্ৰোহ কৰে বা ব্যৱস্থাৰ বিপৰীত কৰি দেশৰ দন্য কৰে তেন্তে তাৰ নামে এই সভাত গোচৰ হয়।

 ইংগ্লণ্ড দেশৰ গোচৰ সোধাৰ ৰীতিও বেলেগ ইংৰাজি ভাষাত তাকে জুৰিৰ বিচাৰ বোলে। যেতিয়া কোনো মানুহ পদকিয়া ৰূপে সোধৰ চৰালৈ অনা-হয় তেতিয়া তাৰ ওচৰ চুবুৰিয়া ১২ বাৰে জনক মাতি আনি জুৰি কৰি বহুৱাই পিচে সাক্ষী বাদিৰ মুখ সিবিলাকে শুনিলে সোধ কৰা জনাই সোধে বোলে পদকিয়া দোষীনে নিৰ্দ্দোষী? পিচে সিবিলাকে বিবেচনা কৰি দোষী বুলিলে দণ্ড হয় নিৰ্দ্দোষী বুলিলে মুক্ত হয়, কিন্তু পদকিয়াই সেই বাৰজনাৰ কাতো মান্তি‌ নহলে তাক গুচাই আনক দিয়ে এইৰূপে কেৱে কাৰো অন্যায় কৰিব নোৱাৰে।

⸻⸻

BRIEF SKETCH OF THE CHRISTIAN
RELIGION.

খ্ৰীষ্টীয়ান ধৰ্মৰ সংক্ষেপ বিবৰণ।

 অনেক লোকে খ্ৰীষ্টিয়ান ধম্ম কি নেজানে আৰু নানা দৰে ভাবে এতেকে ইংৰাজ সকলৰ যি ধৰ্ম্ম তাকে লিখা