( ১৯৬ )
শঁকৰ ৬ মাঘত ৰাজত্ব পালে। কুকুৰা চোৱা বৰা ভুতৰ
পুতেক সতৰাম স্বৰ্গদেৱৰ প্ৰধান বল্লভ হৈ নানা কুমন্ত্ৰণা
দি কেতবোৰ মানুহে সৈতে গোট খাই ১৭৩৬ শঁকত ৰাজ
মন্ত্ৰি পূৰ্ণানন্দ বুঢ়াগোহাঁঞিক মাৰিবলৈ মন্ত্ৰণা কৰিলত ডাঙ্গ
ৰিয়াই বুজ পাই কুমন্ত্ৰণাকাৰি বিলাকক কাটি চকু কাঢ়ি
কান নাক কাটি দণ্ড বন্ধ কৰিলে। তেতিয়াৰে পৰা ৰজা
আৰু মন্ত্ৰি দুইৰো পেটে বিৰোধ হৈ ৰজাৰ ফলিয়া মানুহক
মন্ত্ৰিয়ে আরু মন্ত্ৰিৰ ফলিয়াক ৰজাই নষ্ট কৰিবলৈ ধৰিলে।
পিচে গুয়াহাটিৰ বদনচন্দ্ৰ বৰ ফুকনো ৰজাৰ ফলিয়া বুলি সঙ্কা
কৰি বুঢ়া গোহাঁঞে তেঁওক ধৰিবলৈ পৰ্ব্বতিয়া ফুকনক পঠো্
ৱাত বৰ ফুকনে আগেই বুজ পাই ১৭৩৭ শঁকৰ আহিন মাহত
গুয়াহাটীৰ পৰা পলাই বুঢ়াগোহাঁঞিক প্ৰতিকাৰ দিবৰ নিমিত্তে
মানৰ দেশলৈ গৈ মান ৰজাৰ তৰ পৰা ১৪০০০ সৈন্যেৰে বৰ
ফূকন উজনিৰে ওলালহি। এনেতে বুঢ়াগোহাঞি ডাঙ্গ
ৰিয়া মৰিলত পুতেক রুচিনাথ বুঢ়াগোহাঁঞি হল; পিচে বৰ
ফুকন সসৈন্যে জোৰহাট পাব লগা হলত বুঢ়াগোহাঁঞি গুয়া
হাটি লৈ ভাগি গল, বৰফুকন স্বৰ্গদেৱে সৈতে সাক্ষাৎ কৰি
মন্ত্ৰি ফুকন হৈ বুঢ়াগোহাঁঞিৰ ফালৰ কেত বোৰ মানুহক দণ্ড
কৰিল। পিচে স্বৰ্গদেৱে মানৰজালৈ এক কন্যাদি সৈন্যক
সন্তোষকৈ বিদায় দিলে। পিচে বুঢ়াগোহাঁঞিক মাতি পাঠো্
ৱাত নহাত মস্ত্ৰি ফুকনলৈ সংসয় কৰি নাহে বুলি ৰাজমাও
ইত্যাদিয়ে পৰামৰ্শ কৰি মন্ত্ৰি ফুকনক ৰূপচিং চুপাদাৰৰ