পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/২২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২১০ )


কুষ্ঠ ৰোগীক ভাল কৰা আরু সরু লৰাক কোলাতলৈ আশী ৰ্ব্বাদ কৰা ইত্যাদি কৰিলে। তেঁও আগলৈ কি হব তাকো কৈচিল আরু সেই কথা ফলিচিল, বিশেষ ময় মৰাৰ তিনি দিনৰ দিনা আকৌ উঠি্ম‌ বুলি যে কৈচিল সেই কথাও ঘটিল কিয়নো য়িহুদী বিলাকৰ শাসন কৰ্ত্তাবোৰে তেঁওক খঙ্গ কৰি পন্তিয়চ পাইলেট নামে শাসন কৰ্ত্তাৰ দ্বাৰা তেঁওক মৰালে। সপ্তাহৰ ষষ্ঠ দিনা শুক্ৰবাৰে তেঁওক ক্ৰুশত বধ কৰিলে; তেঁওৰ শৰীৰক মাটিত গোৰ দি চিপাহিয়ে শুক্ৰ শনিবাৰে ৰখি আচিল পিচে ৰবিবাৰৰ দিনা অৰ্থাৎ সপ্তাহৰ প্ৰথম দিনা গোৰৰ পৰা তেঁও আকৌ উঠি্‌ পৃথিবীত ৪০ দিন লৈকে দেখাদি তেঁওৰ শিষ্য বিলাকত সাব্যস্ত জনাই সকলো দেশৰ লোককে সেই ধৰ্ম্ম প্ৰবৰ্ত্তাবলৈ আজ্ঞা দি সিবিলাকক যিৰূসালমৰ পৰা অলিবেত পৰ্ব্বতলৈ নিলে তাৰে পৰা সিবিলাকক আশীৰ্ব্বাদ কৰি তেঁও স্বৰ্গলৈ উঠি দহ দিনৰ মুৰত তেঁওৰ অঙ্গীকাৰ অনুসাৰে শিষ্য সকলৰ ওপৰত পবিত্ৰ আত্মা দিলে সেই পবিত্ৰ আত্মা আদিতে ধূমুহাৰ দৰে শব্দ কৰি জুইৰ নিচিনা হৈ আহিল আরু এতিয়া য়িশুখ্ৰিষ্টত বিশ্বাসী সকলোকে পবিত্ৰ আৰু সান্ত্বনা কৰে।

 য়িশুখ্ৰিষ্টে এই ৰূপে জন্মলৈ এই সকল কৰ্ম্ম কৰিচে বুলি খষ্টীয়ান ধৰ্ম্মাবলম্বী সকলে কয়।

 খ্ৰিষ্টীয়ান সকলে এই বিশ্বাস কৰে বোলে ঈশ্বৰ একজনা,সৰ্ব্ব শক্তিমান, অনাদি, অনন্ত, সৰ্ব্বজ্ঞ, সৰ্ব্ব ন্যায্য, সৰ্ব্ব