পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৬৭ )


তপত কৰি ৰঙ্গাকৰা লো পেলাইদিয়ে আৰু খাৰত জুই লাগি শিল উৰাই নিয়ে।

 এতিয়া বায়ুৰ হিলৈ ৰ বিবৰণ শুনা। বায়ুক চেপি সামন্য বায়ুত কৈ এহেজাৰ গুণে অধিক স্থিতি স্থাপক অৰ্থাৎ হেচা মাৰিলে ওউঠী সমান হোৱা কৰিব পাৰি; এই নিমিত্তে সিঅনেক কৰ্ম্মত লাগে আরু খাৰৰ সলনি বায়ুৰেই কৰ্ম্ম হয় বায়ুৰ হিলৈৰ পৰা ওলোৱা গুলি টোৱে খাৰেৰে মৰা হিলৈৰ গুলি ৰ সমান কৰ্ম্ম কৰে। হিলৈৰ ভিতৰত বায়ু সুমালে অকস্মাৎ এটা বাট উলিয়াই আৰু বায়ু ঠে্লি‌ জাওঁতে গুলিও ওলা য়। যিমান টান কৈ বতাহক ঠে্লে‌ তিমান বেগেৰে গুলিও ওলাই জায়। বায়ুৰ হিলৈ নানা দৰে সাজে।

 বায়ুনিঃসাৰক যন্ত্ৰৰ দ্বাৰা কো নো সাজৰ পৰা বায়ু সুহি নিব পাৰি তাৰে পৰা পণ্ডিত সকলে বায়ুৰ নানা গুণ উলিয়াই কৰ্ম্মণীয় কৰিবৰ চেষ্টা কৰে। এই যন্ত্ৰৰ দ্বাৰা অনেক অদ্ভুত কথা দেখা গৈচে কিয়নো কোনো সাজৰ পৰা বতাহ সুহি নিলে সিহ এডোখৰৰ

দৰে পাতল পাখি এটাও পৰিব; তুমি আচৰিত হব পাৰা