পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(২৭)


দেখা সেই বোৰে মৰিবৰ কালত আলিৰ ধূলিতকৈ বৰ বস্তু নহব।

 এতেকে ধনৱন্ত মানুহৰ ঐশ্বয্য দেখি অসন্তোষ ন কৰিবা আরু তোমাৰো তাৰ নিচিনা ধন নোহোৱাত চিন্তা ন কৰিবা কিয়নো সকলো ধনৱন্ত, মানুহেই, সুখী নহয় আরু সুন্দৰ বস্তুৰ পৰা শৰীৰৰ আৰোগ্যতা আরু শান্তি পোৱা নেজাই।

ADVISE TO THE SCHOLOR.

ছাত্ৰৰ প্ৰতি উপদেশ।

 হে মোৰ প্ৰিয় লৰা তুমি লৰা কালতে যিসকল কথাৰ পৰা ডাঙ্গৰ লৈ উপকাৰ হব তাকে শিকা, আরু তুমি শিকিবলৈ দুখ কৰিব পোৱা কিয়নো তাৰ পৰা তুমি জীয়াই থাকা মানে ভাল হব।

 তুমি এতিয়া পঢ়াশালিলৈ গৈ যদি ভাল কথা শিকা তেন্তে তাৰ দ্বাৰা ডাঙ্গৰ হলে তুমি ধন সুনাম অৰু শান্তি পাবা।

 তুমি যদি যুবা কাল এনেই খেদোৱা তোমালৈ সেই কাল অরু উভতি নাহে, এতেকে তুমি সেই সময় সৎ কৰ্ম্মত ক্ষেপন কৰিবা।

 তুমি বদি কাল হেরুউৱা তেন্তে ধনো হেরৱা বুলি জানিবা। পড়াশালিলৈ গৈ তুমি এনেনুবুলিবা বোলেময় এডাঁৰ পৰ ওমলোঁ পিচে পড়িম গৈ, তুমি এডাঁৰ বেলিক অলপ্‌ হেন দেখিব পাৰা কিন্তু পড়িবৰ সময়ত সেই এডাঁৰকে নো কিয়