পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৫৫ )

কৰিব; কিন্তু তুমি সিহঁতৰ অপমানক ঘৃণা কৰিলে সিহঁতে লাজ পাব।

VIRTUE IN HUMBLE LIFE.

দুখিয়া মানুহৰ ধৰ্ম্ম।

 পেৰিণৰ মাত নৌ ওলাওঁ তেই বাপেক মাক দুইও মৰিল, সেই দেখি পঢ়িবলৈ এটা ধন দিব নলগা পঢ়াশালিলৈ গল।

 পিচে পোন্ধেৰে বচৰ বয়স হলত এক খেতিয়কে তাক মেৰ চাগ ৰখিয়াকৈ ৰাখিলে। সি জি ঠাইত মেৰ চাগ ৰখিচিল তাতে লুচেতা নামেৰে এজনি আপিয়ে তাইৰ বাপে কৰ মেৰ ৰখিচিল। সিহঁত দুইৰো সদাই দেখা দেখি হৈ চিল পিচে পাঁচ বচৰৰ চিনাকিৰ মুৰত এদিন পেৰিণে কল বোলে লুচেতা আমি দুইও বিয়া সোমাবলৈ তোমাৰ পিতা ৰাক সুধিমনে? লুচেতাই লাজ কৰিলে, কিন্তু মান্ তি হল।

 পাচ দিনা তাই নগৰলৈ কিবা কাৰণে গলত সেই সময়কে ভাল হেন জানি পেৰীনে লুচেতাক বিয়া কৰাবলৈ তাইৰ বাপেকক খুজিলে, তাতে সেই বুঢ়াই কলে বোলে তয় মোৰ চোৱালিক বিয়া কৰাব খোজ, তাইক থবলৈ তোৰ ঘৰ আচেনে? আরু প্ৰতিপাল কৰিবলৈ ধন আচেনে? লুচেতাৰ