পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫৪)

পাঠ টিলা পালে, আরু আগৈ সাত দিনত যিমান শিকিচিল সেই দিনা একে দিনে তিমান শিকিলে; শেষত তাই সদাই ভাল মনেৰে পঢ়ি শিকিবলৈ ৰঙ্গ পাই বিদ্যাৱতী আরু জানৱতীহৈ সকলোৰে মনত ভাল হল।

ON ANGER.

ক্ৰোধ বিষয়ক।

 কোনো কথাত তোমাৰ খঙ্গ উঠিলে খঙ্গ উঠাৰ আগে খঙ্গ নুঠিবৰ উপায় কৰিবা। খঙ্গ উঠাৰ পৰা তুমি আনৰ দোষৰ সলনি আপুনিহে শান্তি ভোগা।

 তোমাৰ কোনো মিত্ৰৰ কথাত খঙ্গ উঠিলে তেতিয়াই সেই কথাৰ উত্তৰ একো নিদিবা; কিয়নো তুমি শান্ত হলে খঙ্গৰ চিনো না থাকিব।

 খঙ্গৰ পৰা খঙ্গ অধিককৈ হে উঠে্‌, এতেকে যেতিয়া খঙ্গ উঠে তেতিয়া এক আখাৰ কথাও নকবা।

 প্ৰতিহিংসা কৰিবলৈ কেতিয়াও ইচ্ছা নকৰিবা। কোনো মানুহে তোমাক অপমান কৰিলে সেই অপমানক ঘৃণা কৰাৰ সমান প্ৰতিহিংসা নাই, অপমানকঘৃণা কৰিলে অপমান কৰোঁতাই আপোনাৰ দাষ জানি বৰ দুঃখ পাব।

 যি সকলে তোমাক অপমান কৰে সিহঁতে তোমাক বেজাৰ পোৱা দেখিলে আকৌ তোমাক অপমান কৰিবৰ ইচ্ছা