পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১০০ )


 তোমোলাকে কি নিমিত্তে পৰৰ দোষৰ কথা কবলৈ ভাল পোৱা ময় কঁও শুনা। ঘাই হেতু গৰ্ব্ব-তুমি আপোনা আপুনি আন লৰাতকৈ ভাল হব খোজা আরু তুমি অধ্যা- পকক জনাব খোজা যে আনে যি অকৰ্ম্ম কৰিচে তাক তুমি কেতিয়া ও নকৰা; কিন্তু ইশ্বৰে এনে অহঙ্কাৰক ঘৃণা কৰে এতেকে তুমি এনে কুমতিৰ পৰা ৰক্ষা পাবলৈ প্ৰাৰ্থনা কৰা তেনে নকৰিলে তুমি বৰ পাপ আৰু দুখত পৰিবা। আরু এটা হেতু এই, লৰা বোৰে সৰহকৈ কথা কবলৈ ভাল পায়। যি অনেক কথা কয় সি তেতিয়াই পৰৰ দোষৰ কথাও কয় আৰু এই দৰে ভালেমান কুকৰ্ম্মও কৰে!

 প্ৰিয় লৰা সকল, ময় তোমোলাকক যে এই সকল কথা কলোঁ তাক মনত ৰাখি পৰৰ নিন্দা কৰা যে এটা দুৰ্স্বভাৱ তাক এৰা, সকলোকে মৰম কৰিবা আরু কাৰো দোষ দেখিলে ক্ষমা কৰিবা। আৰু যেতিয়া তোমোলাকৰ কাৰো নিন্দা কৰিবৰ মতি হয় তেতিয়া এই উপদেশ সকল মনত কৰিবা।

“ BE CONTENT WITH SUCH THINGS AS YE HAVE."

“তোমোলাকৰ যি বস্তু আচে তাতে সন্তুষ্ট হবা।”

 তোমোলাক সকলোৱে সন্তুষ্ট হোৱা কি হক বোলে