পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৬২ )


১৭টা মানুহ আৰু পথিককো নিবৰ অভিপ্ৰায় আচিল। এই জাহাজৰ যি ভাগত বালুন আচিল সি অতি ডাঙ্গৰ আরু যিভাগ মানুহ জাবলৈ আচিল তাত বৰ২ পাখিৰ নিচিনা লগাই দিচিল; কিন্তু এই জাহাজ আজিলৈকো চলাব পৰা নাই আৰু তাক চলাব পাৰিলে মানুহৰ অসংখ্য লাভ হব।

চুম্বক মণি প্ৰকাশ হোৱা কথাও বৰ আচৰিত। পূৰ্ব্বকালে নাবিক বিলাকে সমুদ্ৰৰ পাৰ নেদেখাকৈ জাহাজ চলাব নোৱাৰিচিল কিন্তু, এতিয়া গোটেই পৃথিবীয়ে ফুৰিব পাৰে। পাঁচশ মান বছৰ হল প্ৰকাশ পালে যে আকৰৰ পৰা তুলি আনা লো ওলমাই থলে আপোনা আপুনি পিচে উত্তৰ ফাললৈ পোনাই থকা হয়। তাক কোনো লোৱে, সইতে ঘঁহিলে সেই লোৰ ঘঁহা আগ সদাই উত্তৰ কেন্দ্ৰলৈ থাকে। সেই লো কম্পাচৰ মাজত দিলে সেই কম্পাচৰ দ্বাৰা কোনো মানুহ মাটিত বা সাগৰত থাকি দিগ্‌ জানিব পাৰে কম্পাচ এনেকৈ কৰে; তুলা পাতৰ ওপৰত মণ্ডলৰ নিচিনা কৰি বত্ৰিচ সমান ভাগ কৰি চাৰিওফালে দিশ বিদিশ আরু উপদিশ লেখে। সেই তুলাপাতৰ মাজত এটা লোৰ খুঁটী মাৰে, তাৰে ওপৰত ঘুৰিব পৰাকৈ আগটো চুম্বক মণিৰে ঘঁহি এটা বেজি দিয়ে যি ফাললৈ মুখকৰি থোৱা সেই বেজিটো সদাই উত্তৰলৈ মুখদি থাকিব