পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৬৮ )

যাৰ সহায় নাই তাক কক্ষা কৰিবলৈ তোমাৰ বাহু মেলিবা।

 যেতিয়া তুমি কোনো মানুহক বস্ত্ৰ হীন আরু গৃহ হীন হৈ জাবত কঁপি বাটেৰে জোৱা দেখা, তেতিয়া তোমাৰ চিত্তক দান শাল কৰ আর দান শীলতাৰ পাখিৰে তাক মৃত্যুৰ পৰা ৰক্ষা কৰা, তাৰে পৰা তোমাৰ আত্মাও যেন জিয়ে।

FORTITUDE.

মনৰ ধেৰ্য্যতা।

 বিপদ, অসৌভাগ্য, অভাব, দুখ আরু ক্ষতি এই বোৰ পৃথিবীব সকলো মনুষ্যৰ ভাগ্যতে অল্প বা অধিক আচে।

 এতেকে হে দখৰ সন্তান মনুষ্যৰ জীবদ্দশাত যি দুখ হয় তাকে সহিবলৈ তোমাৰ মনক সাহ আরু সহিষ্ণুতাৰে ধৈৰ্য্য কৰিব পোৱা।

 ভটে যেনেকৈ ভোক আরু পিয়াহ আরু ৰদ সই তপত বালিৰে যাইও মুচ্ কচ্ নাজাই তেনেকৈ মনুষ্যেও মনৰ ধৈৰ্য্যতাৰ দ্বাৰা সকলো বিপদ সহিব পৰে।

 মহৎ মন বিশিষ্ট মানুহে লক্ষ্মীৰ নিগ্ৰহক ঘৃণা কৰে আরু তেঁওৰ মহৎ আত্মা একোতে বিমৰ্ষ নহয়।

 লক্ষীৰ কৃপাৰ দ্বাৰা তেঁওৰ সুখ নহয় আরু তেঁওৰ ক্ৰোধ তো তেঁও নৈৰাশ নহয়।

 সমুদ্ৰৰ মাজৰ পৰ্ব্বতৰ নিচিনা তেঁও স্থিৰহৈ থাকে আরু ঢ়ৌৰ ইন্দোলে তেঁওক ব্যাকুল কৰিব নোৱাৰে।