সমললৈ যাওক

পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৭০ )

খেতিয়ক আচিল অরু সিহঁতৰ ঘৰ ইয়াত এটা তাত এটা এনেকৈ আচিল একো ঠাইত ১০|১২ ঘৰতকৈ অধিক নাচিল এতিয়াৰ চাঁদপাল ঘাটৰ দক্ষিণে এখন হাবি আচিল সেই হাবি আৰু খিদিৰ পুৰৰ মধ্যতে দুখন গাঁও আচিল তাতে সেট্‌ নামে এঘৰ ধনৱন্ত মানুহ বাস কৰিচিল সিবিলাকে সেই গাঁৱত অনেক মানুহ আনি বহুৱালে আরু এই নগৰ বঢ়াবলৈ বৰ পুরুষাৰ্থ কৰিচিল। এতিয়া যিঠাইত কোঁঠা্‌ আরু পথাৰ তাতে দুই গাঁও আরু হাবি আচিল আরু যি চৌৰঙ্গিত এতিয়া হেজাৰে২ বৰ২ অট্টালিকা আচে সেই ঠাইত ১৭১৭ শঁকত কেতবোৰ সামান্য মানুহৰ ভগা পজা আচিল।

 এতিয়া কলিকাতা নগৰ ভাৰতবৰ্ষৰ ৰাজধানী, আরু আন সকলো নগৰত কৈ সুন্দৰ,। দিঘলে তিনি ক্ৰোশ আরু পুতলে সকলো ঠাইতে সমান নহয় তাক দুভাগ কৰা জায় এভাগত ইংৰাজ বাস কৰে আৰু এভাগত দেশী লোক থাকে। চৌৰঙ্গি নামে যে এডোখৰ ঠাইত ইংৰাজৰ বাসস্থান সি অতি মনোৰম্য তাত অতি সুন্দৰ২ ৪৩০০ অট্টালিকা আরু মুখতে এখন বৰ পথাৰ আচে, এক কোখৰে গবৰ্ণমেণ্টৰ হৌচ নামে এটা ৰাজ গৃহ আচে সি কলিকাতাৰ এটাই গৃহত কৈসুন্দৰ ইংৰাজ টোলাৰ আলি বোৰো অতি বহল আরু এফেৰিও মলি নাই আরু এই খণ্ডতে ৰাজব্যৱসায় কৰাগৃহ বোৰ। ইংৰাজ থাকা ঠা্ই‌তকৈ দেশী মানুহ থকা খণ্ড বেয়া তাৰ অলি বোৰো ঠে্ক‌ আরু ঘৰবোৰো বৰ ঘন আরু