সমললৈ যাওক

পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১২০)

 সূৰ্য্য মহিমাৱন্ত হয়, কিন্তু যি জনাই সূৰ্য্যক শ্ৰজিচে তেও তাতকৈও মহিমাৱন্ত। আমাৰ চকুৰে তেঁওক নেদেখো,কিয়নো তেঁওৰ দিপ্তীয়ে চকুত চাট মাৰে দেখি আমি সহিব নোৱাৰোঁ। ৰাতিয়ে দিনে তেঁও সকলো ঠাইকে দেখে আরু তেঁওৰ দিপ্তি সকলো সৃষ্টিৰ ওপৰত পৰে।

 তেঁও নো কোন? আরু তেঁওক নো কিবোলে? ময় তেঁওৰ গুণানুবাদ কৰিম। তেঁওৰ মহৎ নাম ঈশ্বৰ, তেঁও সকলোকে সৃষ্টি কৰিছে; কিন্তু তেঁও নিজে অতি সুন্দৰ। তেঁও সৃষ্টি কৰা বস্তুবোৰ সুন্দৰ, কিন্তু তেঁও সৌন্দৰ্য্য; সেই বোৰ বলিষ্ট, কিন্তু তেঁও বল; সি বোৰ সৰ্ব্ব গুণান্বিত, কিন্তু তেঁও সৰ্ব্ব গুণ।

"GOD IS THE PARENT OF ALL."

“ঈশ্বৰ সকলোৰে পিতৃ।”

 সেই মেৰ চাগ পালৰ ৰখিয়াক চোৱা। সি তাহাঁতক প্ৰতিপাল কৰে ভাল নিজৰাত পানি খুৱাই আরু ন পথাৰলৈ চৰাব নিয়ে। মেৰ চাগৰ পোৱালি বোৰৰ ভাগৰ লাগিলে সি কান্ধতকৈ নিয়ে আরু সিহঁত অবাটে গলেও ও ভোতাই আনে।

 কিন্তু মেৰ চাগ ৰখিয়াৰ নো ৰখিয়া কোন? কোণে তাক প্ৰতিপালন কৰে? যি বাটে জাব লাগে সেই বাটে নিয়ে আরু সি অবাটে গলে কোনে ওভোতাই আনিব।