পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১১৪)
 

“RELIGION"

“ধৰ্ম্ম।”

 একে জনা ঈশ্বৰ আছে; সংসাৰৰ সৃষ্টি কৰ্ত্তা আৰু শাসন কৰ্ত্তা, সৰ্ব্ব শক্তিমান, অনাদি অনন্ত আরু অজ্ঞেয়।

 যি জনা সৰ্ব্ব শ্ৰেষ্ঠ অতি জ্ঞানৱন্ত আরু দয়ালু, তেঁওক হে পূজা সেৱা স্তব স্তুতি আরু ধন্যবাদ কৰিবলাগে।

 তেঁৱেই হাতেৰে স্বৰ্গ নিৰ্ম্মাণ কৰিছে আরু আঙুলিৰে নক্ষত্ৰ সকলৰ ৰেখা নিৰ্ণয় কৰিচে তেঁৱেই সমুদ্ৰৰ সীমা নিশ্চয় কৰে আরু সেই সীমা চেৰাব নোৱাৰে, আরু ধুমু হাক আজ্ঞা কৰে বোলে নিজম দি থাক।

 তেঁৱেই পৃথিবীক লৰায় আরু সকলো দেশৰ মানুহে ভয়ত কঁপে তেঁৱেই সংসাৰক মুখৰ কথাৰে আনিব পাৰে আরু হাতেৰে প্ৰহাৰ কৰি সকলোকে সংহাৰ কৰে।

 “সৰ্ব্ব শক্তি মানৰ মহিমাক মান্য কৰা আরু নষ্ট হবলৈ ভয় কৰি তেঁওৰ ক্ৰোধ নুতুলিবা।

 ঈশ্বৰে তেঁওৰ সৃষ্টিৰ সকলোৰে তত্বাৱধাৰণ কৰে আরু অসীম জ্ঞানেৰে শাসন কৰে আরু চলায়। তেঁও সংসাৰ শাসন কৰি বৰ নিমিত্তে ব্যৱস্থা কৰিছে আরু অতি আচৰিত ৰূপে সৃষ্টিৰ নানা জীবৰ নিমিত্তে বিবিধ ব্যৱস্থা কৰিচে।

 তেঁওৰ গভীৰ মনত সকলো জ্ঞান আচে আরু ভবিষ্যৎ কালৰ সঙ্কেত সকল তেঁওৰ আগত মুকলি হৈ থাকে। তোমাৰ চিত্তৰ ভাবনা সকল তেঁওৰ দৃষ্টিৰ পৰা নুলুকায়