পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩০ )


 এই আচৰিত কথা বিচাৰ কৰ্ত্তা সকলত জনোৱা হলত তেঁও বিলাকে মাকক ক্ষমা কৰিলে আৰু এনে ধাৰ্ম্মিক কন্যাক অকল মাকৰ প্ৰাণ দান দিলে এনে নহয় কিন্তু নমৰে মানলৈকে তাঁহাতক প্ৰবৰ্ত্তিবৰ উপায় দি যি ঠাইত এই আচৰিত কথা হৈচিল তাতে বন্দিসাল ভাঙ্গি মাতৃ ভক্তিৰ উদ্দেশে মন্দিৰ নিৰ্ম্মাণ কৰিলে।

———

INGENUITY AND INDUSTRY REWARDED.

চতুৰতা আরু শ্ৰমৰ পুৰস্কাৰ।

 এক ধনৱন্ত খেতিয়কৰ, দুটি লৰা আচিল সরুটি ডাঙ্গৰ টিত কৈ এবচৰে সরু৷ সরুটি লৰা উপজিবৰ দিনা তেঁও আপোনাৰ বাৰিৰ দুৱাৰ মুখত দুটি একে সমানৰ আমৰ পূলি রুলে।

 সেই পূলি দুটিক একে দৰে পতি কৰিলত এনে সমান হৈ উঠিল যে তাৰ ভিতৰত কেৱে ভিন্ ভাৱ নে দেখিচিল; পিচে খেতিয়কে দুই পুতেকৰ নাম পুলি দুটিকো দিলে।

 কালক্ৰমে তেঁওৰ পুতেক হঁত ডাঙ্গৰ হৈ বাৰিত কোৰ ধৰিব আরু আন২ বন কৰিব পৰা হলত এদিন তেঁও দুইকো লগত লৈ সেই পুলি চাবলৈ গল। পিচে তেওঁবিলাকে পুলি দুটিৰ ডাঙ্গৰ দিঘল আরু ফল ইত্যাদি প্ৰশংসা কৰিলত বাপেকে কলে বোলে, হে মোৰ প্ৰিয় লৰাহঁত, ময় তোমো- লাকক এই গচ দুডালি দিলোঁ, সি বৰ সুন্দৰে আচে, তোমো