পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪ )

কেতিয়াও তোমোলাকৰ মনত স্থিতি হব নিদিবা, এনেকে ভাবি অনেক ধনৱন্ত লৰা নষ্ট হৈচে। পৃথিবীৰ ধনেৰে পৰকালত কি কৰিবা?

 হে লৰা বিলাক, তোমোলাক যদি অতি ধনৱন্তেই হোৱা তেও বিদ্যাক হেলা নকৰিবা, ধনৱন্ত হৈ বিদ্যাৱন্ত হব পাৰিলে অধিক সুখৰ হে কথা, কিন্তু ধন থাকি বিদ্যা না থাকিলে তাৰ সমান বিষম পাব লগা কথা আরু নাই।

 এতিয়া যদি বিদ্যা উপাৰ্জ্জন কৰিবৰ কি উপায় সোধা তেন্তে শুনা শ্ৰম আরু মনোযোগ এই দুয়েই ঘাই উপায়; মন দি শ্ৰম কৰিলে নিশ্চয়কৈ বিদ্যা হয়, আৰু এই কথাৰ কেতিয়াও অন্যথা নহয়। অনেক লৰাই ভাবে বোলে মোৰ কপালত যদি বিদ্যা হব লগা আছে তেন্তে হব, এই এটা নিচেই অবোধৰ কথা, এই ভাবনা কৰি শ্ৰম নকৰা মূৰ্খৰ হে চিন। শ্ৰম কৰিলে অতি বৰ দুঃসাধ্য কথা কো কৰিব পাৰি, এতেকে তুমি পাৰমানে শ্ৰম কৰা, তোমাৰ অৱশ্যে বিদ্যা হব, কেতিয়াও নৈৰাশ নহবা। কোনো২ লৰা আনত কৈ বুদ্ধিমন্ত হয়, কিন্তু তুমি শ্ৰম কৰিলে তোমাৰো বিদ্যা নহৈ নেথাকে। লৰা কালেই বিদ্যা শিকিবৰ ভাল সময়, কিয়োনো ডাঙ্গৰ হলে মানুহৰ প্ৰবৰ্ত্তিবৰ উপায় চিন্তোতেই দিন জায়, এতেকে সেই কাল এনেই নেখেদিবা; কিন্তু যদি শিশু কালৰে পৰা বিদ্যা নিশিকা ডাঙ্গৰ হলেও শিকিবা, আরু বিদ্যা শিকিবৰ কাল গল নুবুলি পুরুষাৰ্থ হে কৰিবা। আদিতে