পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪৯ )


WE MUST NOT TELL LIES NO NOT IN SPORT.

আমি মিচা কথা কব নাপাঁও ৰঙ্গকৈ ও নাপাই।

 এটা লৰা এখন পথাৰত গরু ৰখিবলৈ সদাই গৈচিল, সি ৰঙ্গ কৰিবলৈ বৰ ভাল পাইচিল দেখি বাঘ নাহিলেও মিচাকৈ কেতিয়াবা২ বাঘ বাঘ বাঘ ঔ বাঘ বুলি আটাহ পাৰিচিল।

 বাঘে গরু খায় দেখি তেনেকৈ আটাহ পাৰিলে ওচৰৰ পথাৰৰ বনুৱই বোৰে বন এৰি বাঘ খেদাবলৈ আহিব হেন বুলি ভাবি তেনেকৈ বাঘ২ বুলি বনুৱইক বনৰ পৰা মাতি নি পিচে ৰঙ্গ কৰিচোঁ বুলি কৈচিল।

 পিচে এদিন সঁচা সঁচিকৈ বাঘ আহিলত সি লৰ মাৰি বনুৱই হঁতক বাঘ আহিছে বুলি কলেগৈ, কিন্তু সিহঁতে তাৰ কথা নুশুনি কলে বোলে বুপাই আমি তোক চিনিচোঁ, তয় যি ক সকলে মিচা।

 অকাৰণে সি আটহ পাৰিলে, কেৱে তাৰ গরু ৰাখিবলৈ নগল, পিচে বাঘে কেতবোৰ গৰু মাৰিলে, কেতবোৰ কামুৰি এৰিগল।

 এতিয়া তুমি চোয়াচোঁ মিচা কথা কোৱা কেনে অকৰ্ম্ম, এতেকে সদাই সঁচা কথা কবা তেনে নহলে সঁচা কলেও

তোমাক কেৱে নপতিয়াব।