পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১২৬)

 তুমি শোৱা, কিয়নো তেঁও কেতিয়াও নোশোৱে, তুমি নিৰ্ব্বিঘ্নে চকু মুদা, কিয়নো তোমাক ৰক্ষা কৰিবলৈ তেঁও সদাই চকু মেলি আছে।

 যেতিয়া এন্ধাৰ গুচি ৰাতিপুৱা সূৰ্য্যৰ দিপ্তী তোমাৰ চকুত পৰে, তেতিয়া ঈশ্বৰৰ প্ৰশংসাৰে দিনটো আৰম্ভ কৰিবা। তুমি যেতিয়া শোৱা তেতিয়া তোমাৰ চিত্তে ঈশ্বৰৰ ধন্যবাদ কৰক, আরু যেতিয়া উঠা তেতিয়া ও তোমাৰ মুখে তেঁওৰ গুণ গাওক।

⸻⸻