পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৩৪ )

সেই দুই ভায়েক মাক বাপেকক লৈ গল তাক সকলোৱে “ধাৰ্ম্মিকৰ পথাৰ” নাম থলে, আরু সিহঁতৰ সন্তান সন্ততিলৈকে সেই নামেই থাকিল।

———

FILIAL SENSIBILITY.

পুত্ৰৰ পিতৃ মাতৃৰ প্ৰতি স্নেহ।

 পেৰিচ্ নগৰৰ এক পঢ়াশালিত এটা লৰাই সুকান রুটি আরু পানিত বাজে আন একোকে নেখাই চিল।

 সেই পঢাশালিৰ অধক্ষে সেই ছাত্ৰে ধৰ্ম্মলৈ এনে কৰিছে হেন ভাবি তাক ভালেমান তিৰস্কাৰ কৰি তাৰ সেই প্ৰতিজ্ঞা ভাঙ্গিবলৈ ইচ্ছা কৰিলে, কিন্তু তেঁওৰ তিৰস্কাৰত একো গুণ নধৰিব দেখি এদিন তাক মতাই নিয়াই কলে বোলে পড়া শালিৰ ৰীতিয়েৰে নচলা বৰ বিষম, আরু তয়লো কিয় এনেকৈ খা তাক ক; কিন্তু তেও সেই লৰাই একো কথা নে ভাঙ্গিলত অধ্যক্ষে তাক পঢ়াশালিৰ পৰা মাক বাপেকৰ তলৈ খেদি পঠাম বুলিলত সি ভয় পাই কলে বোলে হে দেও, মোৰ বোপাইৰ ঘৰত এফেৰামান কলা রুটিত বাজে আন একো খাবলৈ পোৱা নাচিলোঁ কিন্তু ইয়াত ময় ভাল জোল আরু চিকন বগা রুটি খাবলৈ পাঁও আরু ইচ্ছা কৰিলে ভালকৈ খাবলৈ পাৰোঁ কিন্তু মোৰ পিতৃ মাতৃ যি অৱস্থাৎ আছে তাৰ কথা মনত পৰি ময় আন একোকে খাব নোৱাৰোঁ।