পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৫৮ ]

লুচেতাই ঘৰৰ বন কৰি দুইও আনন্দে খাই লই থাকিল আরু লৰা দুটি হৈ সিহঁতৰ সুখ আরু বৃদ্ধি কৰিলে।

 পিচে পেৰিণে এদিন গধুলি বনৰ পৰা ঘৰলৈ আহোঁতে দুটা ভাল মানুহক ৰথ এখনত উভতি পৰা দেখি লৰিগৈ সিবিলাকক ধৰি তাৰ ঘৰলৈ নি অনেক আদৰ কৰি শক্তি অনু সাৰে সুশ্ৰসা কৰিলে। তাতে ভালমানুহ এটাই কলে বোলে এই ঠাই ডোখৰ মোলৈ বৰ সাংঘাতিক; দহ বচৰ হৈচে ময় ইয়াতে বাৰ হেজাৰ সোন হেরুৱাইচোঁ।

 পেৰিণে এই কথা বৰ মন দি শুনি সুধিলে বোলে তুমি তাৰ হৈ কিবা বিচাৰ কৰি চিলানে? তেঁও কলে যে ময় এটাইলৈ জাবলৈ ওলাইচিলোঁ জাহাজ মেলিব বুলি লৰা লৰি কৰি জাওঁতে একো বিচাৰ কৰিব নোৱাৰিলোঁ।

 পাচ দিনা ৰাতি পুৱা পেৰিণে যি টি মানুহৰ সোন হেৰাই চিল তেঁওকে তাৰ ঘৰ বাৰি গরু ইত্যাদি দেখুৱাই কলে বোলে এই বোৰ সকলো তোমাৰ বস্তু, সেই ধন মোৰ হাতত পৰিচিল তাৰে ময় এই মাটি কিনিচোঁ আরু এই মাটি ও তোমাৰ; পুৰোহিতৰ তত এখন কাকত আচে তাৰ দ্বাৰা ময় মৰিলেও এই মাটি পালা হঁতন।

 সেই ভাল মানুহে কাকত খন বৰ আচৰিত হৈ পঢ়ি পেৰিণ লুচেতা আরু লৰা দুটি ক চাই কলে বোলে ময় কত আচোঁ? কি শুনু? এনে দুখিয়া মানুহৰ ইমান ধৰ্ম্ম? এই মাটিত বাজে তোমাৰ আন মাটি আচেনে? পেৰিণে কলে