পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১২৮)

 এই পৃথিবী খন প্ৰায় ৰবাব টেঙ্গাৰ নিচিনা ঘুৰণিয়া,তাৰ পৰিধি * ২৫ হেজাৰ মাইল, অৰ্থাৎ তিমান ডাঁৰৰ বাট ২১৮৭৫ ক্ৰোশ, আরু ব্যাস†৮ হেজাৰ মাইল বা ৭০০০ সাত হেজাৰ ক্ৰোশ, পৃথিবীৰ ওপৰত জল আরু স্থল আছে; দুভাগ মান জল এভাগ স্থল, মনুষ্যে স্থলক চাৰি ভাগকৈ বিভক্ত কৰিচে, ইংৰাজী ভাষাত সেই খণ্ডক ইউৰোপ, আসিয়া,আফ্ৰিকা, আরু আমেৰিকা বোলে; ইউৰোপ দিঘলে ৩০০০ মাইল, পুতলে ২৪০০ মাইল, এই খণ্ড অতি ক্ষুদ্ৰ কিন্তু তাত বাস কৰা মনুষ্য সকল অতি সভ্য, তাৰ প্ৰধান দেশ ইংলণ্ড (অৰ্থাৎ ইংৰাজৰ দেশ) ফান্স দেশ, রুসিয়া, স্পানিয়া ইতালি ইত্যাদি। আসিয়া খণ্ড দিঘলে ৭৫০০ মাইল, পুতলে ৫২৫০ মাইল, তাত তুরুক, আৰব, পাৰস্য, কাবুল, চীন,রুসিয়া, আরু ভাৰতবৰ্ষ, (এই দেশতে অসম দেশ) ইত্যাদি দেশ আচে।

 আফ্ৰিকা খণ্ড দিঘলে ৫০০০ মাইল বা ৪২০০ ক্ৰোশ, পুতলে ৪৭০০ মাইল বা ৪০০০ ক্ৰোশ, তাত মিচৰ, খৱচ ইত্যাদি দেশ,


* পরিধি অৰ্থাৎ বেষ্ঠন, পৃধিবী ঘুরণিয়া তাক ঘুরাই এডাল জরিরে জুখিলে সেই জরি ২১৮৭৫ ক্ৰোশ দিঘল হব।
† ব্যাস অৰ্থাৎ পথিবীর উত্তর কেন্দ্ৰৰ পরা দক্ষিণ কেন্দ্ৰলৈ ভিতরে রে এডাল জরি সুমালে সেই জরি ৭০০০ ক্ৰোশ হব।