পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৫১ )

যি বস্তু আমাৰ নহয় তাক নিয়া মহাপাপ আরু যোনে এনে কুকৰ্ম্ম কৰে সি তাৰ প্ৰতিফল পায়।

 এটা লৰা আচিল সি এদিন যি পঢ়াশালিত পঢ়িচিল তাৰ পৰা এখন পুথি চুৰ কৰি ঘৰলৈ নি মাকৰ আগত কলত তাই তাক শাস্তি নকৰি মুঠো্‌ হাঁহিঁ কলে বোলে এনে কৰা ভাল ন হয়।

 পিচে সি আশয় পাই লাহে২ যি বস্তুকে ভাল দেখিচিল তাকে চুৰ কৰিবলৈ ধৰিলে শেষত চোৰ ধৰ পৰিলত ফাঁসীত দিবৰ আজ্ঞা হল।

 ফাসীৰ চাঙ্গত উঠি সি মাকে সৈতে কথা কবলৈ ইচ্ছা কৰাত তাই কথা শুনিবৰ নিমিত্তে চাঙ্গত উঠিল পিচে যি কথা কবৰ চলে তাইৰ কানলৈ মুখ নি কান খন কামুৰি চিঙ্গি কলে বোলে ময় সরু থাকোঁতে যে ভয় হেলা কৰি চিলি তাৰ প্ৰতিফল পা, তয় হে মোৰ মৰণৰ কাৰণ, কিয়নো ময় যেতিয়া পঢ়াশালিৰ পৰা পুথি চুৰ কৰিচিলোঁ তেতিয়া যদি মোক মাৰিলি হঁতন তেন্তে ময় এই দুখ আরু লাজত নপৰিলোঁ হঁতন।

 লৰাক সরুৰে পৰা যেনে হবলৈ সি কোৱা যায় ডাঙ্গৰ হলেও তেনে হয়, এতেকে সরুতে সজ্ হবলৈ শিকাব লাগে। এই চোৰটক প্ৰথমে পুথি চুৰ কৰোঁতেই ভালকৈ মৰা

হলে এনেকৈ কেতিয়াও নমৰিলে হঁতন।