(৭৬)
তেতিয়াৰে পৰা তাৰ মনে সই দুৱাৰ মেলিবৰ হে ইচ্ছা
কৰিলে, তেও সাত দিনলৈকে নেমেলাকৈ থাকিল, কিন্তু
আঠ দিনৰ দিনা মন সামৰিব নোৱাৰি আপোনা আপুনি
ভাবিলে বোলে ময় দুৱাৰ অৱশ্যে মেলিম পিচে নো কি
হয় চাও; বাখনাত যি লেখিচে সি অৱশ্যে হব আৰু ঈশ্বৰৰ
আজ্ঞা খণ্ডাৰ কোনে পাৰে? এই বুলি সিদুৱাৰ খনৰ তালা
ভাঙ্গি মেলি সোমাই এটা ঠে্ক বাট পালে, সেই বাটে২
সি চডাৰ মান পৰ গৈ এখন বৰ নৈৰ পাৰ পালেগৈ, তাতে
সি বৰ আচৰিত হৈ সোঁও ফাল বাঁও ফাল চাই নৈৰ পাৰে২
জাব ধৰিলে এনেতে এটা বৰ উৎক্ৰোশ চৰাই আকাশৰ
পৰা নামি আহি তাকলৈ আকাশ পৃথিবীৰ মাজে উৰাউকৰি
তাক সমুদ্ৰৰ মাজৰ এখন উপদ্বীপত থৈগুচিগল।
তাতে সি বৰ উদ্বিগ্ন হৈ কলৈ জাম কি কৰিম বুলি ভাবি বহি থাকোঁতে স্বৰ্গৰ তৰাৰ নিচিনা সাগৰত এখন জাহাজৰ পাল দেখিলে, তাতে উঠি্ জাব পাৰিম হেন বুলি সেই জাহাজ তাৰ গুৰিলৈ নহা মানলৈকে একেঠৰে চাই আচিল, পিচে কোখৰ পালত দেখে যে জাহাজ খন হাঁতি দাতৰ, ওপৰত সোনৰ হালপতা মৰা আৰু বঠা্ বোৰ চন্দন কাঠ্ৰ। সেইজাহাজত চন্দ্ৰৰ নিচিনা দহজনি কুমাৰি আচিল, সিহঁতে জাহাজৰ পৰা নামি আহি তাক ভালে মান আদৰকৈ ৰজা আৰু দৰা বুলিলে; পিচে সূৰ্য্য হেন এজনি কুমাৰীয়ে পাটৰ কাপৰ এখনত ৰাজ সাজ এটা আরু হিৰা পানা খতোৱা