[ ১৩৩ ]
পৃথিবীৰ নানা দেশৰ লোকৰ বৃষ্টি কৰ্ত্তাৰ বিষয় একে
মত নহয়, আরু নানা দেশৰ লোকে নানা দৰে তেঁওক আৰা
ধনা কৰে। কোনো দেশৰ মানুহে অনেক তলতিয়া দেৱতা
আছে বুলি জানে কিন্তু প্ৰায় সকলো দেশৰ মানুহেই সক-
লোৰে ওপৰত এজনা ঈশ্বৰ আছে বুলি মানে। কোনো
জাতিয়ে ঈশ্বৰক নিৰ্ব্বিকাৰ বোলে কিন্তু কেতবোৰে মনুষ্যৰ
নিচিনা ঈশ্বৰতো পাপ পুণ্য আছে বুলি কয়, আরু অনেক
জাতিয়ে ঈশ্বৰ বুলি মাটি, সিল, কাঠ ইত্যাদিৰে সাজা মূৰ্ত্তিক
মানে, এই বোৰকে দেব দেবী পূজক বোলে। এই মতাব-
লম্বী উত্তৰ আমেৰিকাৰ আদি লোক সকল আফ্ৰিকাৰ দক্ষিণ
পশ্চিম আরু মধ্যৰ মানুহ বিলাক, আরু আসিয়াৰ ভাৰতবৰ্ষ
চীন, ব্ৰহ্ মা ইত্যাদি দেশস্থ মনুষ্য সকল দেব দেবী পূজকৰ
ধৰ্ম্মৰ নানা মত আছে; তাৰ প্ৰধান হিন্দুমত আরু বৌ দ্ধমত।
বৌদ্ধ ধৰ্ম্ম ব্ৰহমা, চীন ইত্যাদি দেশত চলে। পৃথিবীৰ মধ্যত
নানা দেব দেবী পূজক প্ৰায় ছয় অৰ্ব্বুদ মান আছে; তাৰে
হিন্দ এক অৰ্ব্বুদ বৌদ্ধ ধৰ্মাৱলম্বী চাৰি অৰ্ব্বুদ।
নানা দেব দেবী পূজকৰ মতত বাজে পৃথিবীত আরু তিনি ধৰ্ম্ম আচে, খীষ্টিয়ান ধৰ্ম্ম য়িহুদি ধৰ্ম্ম, আৰু মসলমান ধৰ্ম্ম।
প্ৰথম খ্ৰীষ্টিয়ান ধৰ্ম্ম, পূৰ্ব্বে নাচিল কিন্তু ১৮৪৬ বচৰ হৈচে সেই ধৰ্ম্ম প্ৰকাশ হল। খ্ৰীষ্টিয়ান সকলে বাইবেল নামে ধৰ্ম্ম পুস্তকক মানে আরু য়িশুখ্ৰীষ্টক অৱতাৰ আরু