পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৪৭ )

তৰ ব্যৱহাৰে আরু এতিয়াৰ মনুহৰ ব্যৱহাৰে কিমান অন্তৰ চোৱা। এতিয়া যেনে কেতবোৰ অসভ্য জাতি আচে ইংৰাজ হঁতো পূৰ্ব্বে তেনে কুব্যৱহাৰী আরু অসৎ আচিল, কিন্তু কাল ক্ৰমে এতিয়া সিহঁতজ্ঞানত সম্পন্নহৈচে, বানিজ্যত এটাইতকৈ প্ৰধান, শিল্প কৰ্ম্মত অদ্বিতীয়, আরু সকলো বিধৰ বিদ্যা আরু জ্ঞানত শ্ৰেষ্ঠ আৰু সিহঁতৰ বিদ্যাৰ অক্ষয় ভঁৰালৰ পৰা পৃথিবীৰ সকলো ঠাইলৈকে বিদ্যা আরু জ্ঞান পঠিয়াইচে। এতেকে এই দেশতো জ্ঞানোদয় হোৱা বৰ অসাধ্য নহয়, কিয়নো যি উপায়েৰে অতি অসভ্যতাৰ পৰা ইংৰাজ হঁত উঠি সভ্য হৈচে আন দেশৰো সেই উপায় আচে। যি বিদ্যাৰ দ্বাৰা ইউৰোপ খণ্ড সিকেই খণ্ডতকৈ সরু হৈও বৰ প্ৰখ্যাত হৈচে সেই বিদ্যাও সকলোৰে সাধ্যৰ ভিতৰত আচে। আমি ভৰসা কৰোঁ যে সেই বিদ্যা এই দে, শতো শীঘ্ৰ ব্যাপক, আরু কেতিয়াবা এনেও হব পাৰে যে এই দেশৰ লোক বিলাকো বিদ্যাত ইউৰোপৰ লোক সকলৰ তুল্য পাৰ্গত হয়।

 হে প্ৰিয় লৰা বিলাক ইংৰাজ হঁতৰ সত্যতা জানিবৰ নিমিত্তে তলত লণ্ডন নগৰৰ বিবৰণ আরু ইংগ্লণ্ড দেশৰ নানা আচৰিত যন্ত্ৰাদিৰ কথা লেখিলোঁ, মন লগাই পঢ়িবা, সেই সকল কথা অতি স্বৰূপ, তোমোলাকৰ মনত অদ্ভূত হেন বুলি মিচা নুবুলিব॥