পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫৬)

কপালেৰে দুইও কেনেকৈ প্ৰতিপাল জাবি? এতেকে সি কথা ন হয় পে বীনসি কথা নহয়।

 এই কথাত পেৰীণে কলে, মোৰ বন কৰিবৰ হাত আছে, সদ্যহ কুৰি টাকা আচে তাৰে বিয়াৰ খৰচ হব আরু অধিক শ্ৰম কৰি ধনো সাচিম কিন্তু বুঢ়াই কলে বোলে তয় এতি- ও সরুএ আচে, অলপ বাট চা, ধনৱন্ত হ, মোৰ চোৱালি তোলৈকে থাকিল।

 পোৰণে গধুলি লুচেতা নহা মানলৈকে বাট চালে পিচে তাই আহি সুধিলে বোলে মোৰ পিতাই মানতি ন হলনে? পেৰিণে উত্তৰ দিলে যে দুখিয়া হোৱাৰ নিমিত্তে মোৰ কেনে দুৰ্ভাগ্য, কিন্তু ময় গোটেই নৈৰাশ হোৱা নাই, কি জানি ময় ধনবন্ত হঁৱেই।

 সিহঁতে এনেকৈ কোৱা কুই কৰোঁতে ৰাতি হলত আন্ধাৰ হল, পিচে পেৰিনে উজটি খাই মাটিত পৰি এখন গধুৰ মোনা পালত ওচৰৰ পৰা এটা চাকি আনি দেখে যে মোনা খন সোনেৰে ভৰা।

 পেৰিণে অতি হৰ্ষ হৈ কলে বোলে ময় ঈশ্বৰক আমাৰ কামনা পূৰ্ণ কৰার নিমিত্তে ধন্যবাদ কৰোঁ। ইয়াকে দেখি তোমাৰ পিতাৰাও সন্তোষ হব আরু আমিও সুখী হম।

 কিন্তু বাটতে তাৰ এটা কথা মনত পৰিল বোলে এই ধন আমাৰ নহয় আন কাৰোবাৰ কি জানি সিএতিয়া এই ধনৰ