পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩ )

কেনেকৈ পৰ কালত সুখী কৰিব তেন্তে ভাঙ্গি কঁও শুনা। বিদ্যা শিকিলে জ্ঞান হয়, আরু জ্ঞান হলে ঈশ্বৰক জনা জায় আরু কি ভাল, কি বেয়া, কি কৰ্ত্তব্য, কি অকৰ্ত্তব্য, তাৰো বোধ হয়। এই দৰে মনে কুকৰ্ম কৰিবলৈ জাব ধৰিলে জ্ঞানে অঙ্কুশৰ নিচিনা হৈ মনক আকৰ্ষণ কৰি ৰাখে, আরু এই ৰূপে অজ্ঞানী মানুহে জ্ঞান নথকাৰ নিমিত্তে যিবোৰ অকৰ্ম্ম কৰিলে হঁতন বিদ্যাৱন্তে জ্ঞান থকাৰ নিমিত্তে সেই বিলাক অকৰ্ম্মৰ পৰা ৰক্ষা পায়। সেই দেখি অকৰ্ম্ম নকৰাকৈ যদি থাকিল আরু মনুষ্যৰ কৰিব লগা কৰ্ম্মকে যদি জানি কৰিলে, তেন্তে বিদ্যাক সাৰথি কৰি সি নিশ্চয়কৈ পৰ কালৰ দণ্ডৰ পৰা সাৰি অনন্ত সুখ পাব। হে লৰা বিলাক ইয়াতকৈ অধিক আরুকি উপ্‌কাৰ লাগে? ধৰ্ম্ম আরু পুণ্যৰ সমান কি হব পাৰে? এতেকে যি বস্তুৰ পৰা ইহ কাল আরু পৰ কাল তো সুখ পাবা সেই বস্তুক পাবলৈ তোমোলাকে সাধ্য থাকে মানে পুরুষাৰ্থ কৰিব নোপোৱানে?

 তোমোলাকৰ ভিতৰৰ অনেকে প্ৰবৰ্ত্তিবৰ উপায়লৈ আরু ধন আৰ্জিবলৈ হে বিদ্যা শিকিব লাগে বুলি ভাবিব পাৰা কিন্তু সেইটো ভ্ৰমহে; কিয়নো বিদ্যাৰ যি সকল গুণৰ কথা কলোঁ তাৰ আগত ধন কি? আরু কোনো২ লৰাই এনেও বুলিব পাৰে বোলে বিদ্যা শিকিলে নো কি হব? মোৰ ধন আচে বিদ্যা নহলেও সুখে খাই লৈ থাকিব পাৰিম। হে মোৰ প্ৰিয় মিত্ৰ সকল, ময় মিনতি কৰি কওঁ এনে ভাবনা