সমললৈ যাওক

পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৯)


সকলোৰে ভিক্ষা দিবলৈ এৰি কেৱে মগনিয়াৰক নসুধিচিল এদিন এটা মগনিয়াৰ বৰ ক্ষুধাতুৰ হৈ এজনি তিৰোতাৰ তলৈ আহি ভিক্ষা মাগিলত তাই কলে বোলে ময় তোক কেনেকৈ ভিক্ষা দিম, ৰজাই মোৰ হাত কাটিব , কিন্তু মগনিয়াৰে ঈশ্বৰৰ নাম ধৰি শপথ দিয়াত তাইৰ বৰ মৰম লাগি দুখন পিঠা মগনিয়াৰ টক দিলে পিচে ৰজাই এই কথা শুনি তাইক ধৰাই অনাই তাইৰ হাত দুখন কটালে।

 কেই দিন মানৰ মুৰত ৰজাই মাকৰ আগত্ কলে বোলে মোৰ বিয়া কৰাবৰ মন গৈচে এতেকে ৰূপৱতী তিৰোতা এজনিয়ে সৈতে বিয়া দিয়া; ৰাজ মাৰে ৰজাৰ এই কথা শুনি কলে বোলে আমাৰ লিগিৰী হতৰ ভিতৰত এজনি বৰ ৰূপৱতী আছে, কিন্তু তাইৰ এটা বৰ দুগুণ আচে, তাইৰ দুইও খন হাত কটা। পিচে ৰজাই তাইক অনাই দেখিলে যে যি জনি তিৰোতাৰ হাত তেও মগনিয়াৰক পিঠা দিয়াৰ সলনি কাটিচিল তায়েই তেও এই দোষক এফলিয়া কৰি থৈ তেঁও তাইক বিয়া কৰালে, কিন্তু তাইৰ লগৰ লিগিৰী বোৰে হিংসা কৰি ৰজাৰ তত মিচাকৈ তাইৰ কথা লগালত তেও তাইক অৰণ্যলৈ খেদি থবৰ আজ্ঞা ৰাজমাবক দিলে।

 ৰাজমাৱে ৰজাৰ আজ্ঞানুসাৰে তাইক কেচুৱা লৰাই সৈতে হাবিত থোৱালে, তাতে তাই বৰ বিলাপ কৈ কান্দিব ধৰিলে আৰূ কান্দোতে২ বৰ ভাগৰি পিয়াহ লাগি

লৰাটি কোলাত লৈ পানি বিচাৰিগৈ২ এখন ণৈ পালেগৈ