পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১২১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১১০)

খেদি দেশ শাসন কৰিবলৈ বচৰি কন্সল নামে দুটা শাসন কৰ্ত্তা পাতিলে আরু কেতিয়াও ৰজা নাপাতোঁ বুলি শপত কাঢ়িলে। ব্ৰটচ নামে এজন মানুহে ৰজাক খেদিবলৈ অগ্ৰ গণ্য হৈচিল আরু প্ৰথমে তেঁও আরু কলেটাইনচ নামে এজন দুইও কন্সল হল।

 সেই ভগা ৰজাই আকৌ ৰজা হবৰ মনে আন চলকৈ নগৰলৈ কটকি পাঁচিলত কেতবোৰ মান দুষ্ট মানুহে আকৌ তেঁওক ৰজা পাতিবলৈ গোট খাই ভিতৰি মেল কৰিব ধৰিলে, পিচে দৈবাৎ সেই ৰাজ দ্ৰোহী বোৰে মেল কৰাৰ কথা প্ৰকাশ হল। এদিন সিহঁত সকলোৱে ৰাতি মেল কৰাত এটা গোলামে লুকাই থাকি সিহঁতৰ মেলৰ আটাই কথাকে শুনি কন্সল হঁতৰ আগত কই দিলে।

 তেতিয়াই সেই ৰাজ কুমন্ত্ৰি বোৰক ধৰিবলৈ আজ্ঞা দিলে পিচে সিহঁতৰ মাজত ব্ৰটচৰ পুতেকো আচিল। সিহঁত সকলোকে সোধৰ ঠাইলৈ অনাহলত আপোনাৰ কুকৰ্ম্মৰ সলনি একো উত্তৰ দিব নোৱাৰি মনে কি দণ্ড কৰে তালৈকে বাট চাই থাকিল। সেই দেশত যি ৰজা পাতি বলৈ মন্ত্ৰণা কৰে তাক প্ৰাণ দণ্ড কৰিচিল, তাতে ব্ৰটচৰ পুতেককো দেখি সিবোৰ বিচাৰপতিয়ে নকান্দাকৈ থাকিব নোৱাৰিলে কিন্তু ব্ৰুটচেহে এফেৰিও অসন্তোষ নকৰি বৰ খঙ্গ মুৱা কৈ পুতেক হঁতক কুকৰ্ম্মৰ সলনি কিবা উত্তৰ আচে বুলি তিনি বেলি সুধিলে, কিন্তু একো উত্তৰ নাপাই