পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৭২)

জিবাই বিষ পেলাই আরু তাৰ চুবুৰিয়াৰ সুখ দেখিলে তাৰ টোপনি ভাঙ্গে সি তাৰ ঘৰত অসন্তোষকৈ বহি থাকে, আরু আনৰ ভাল হলে তালৈ বেয়া হয়। ঘৃণা আৰু হিংসা সদাই তাৰ চিত্তত থাকে আৰু তাৰ বিশ্ৰাম কেতিয়াও নহয়, সি সদাই পৰৰ অহিত চিন্তে, কিন্তু সকলো মানুহৰ ঘৃণাই তাক খেদে আৰু সি মকৰাৰ নিচিনা আপোনাৰ জালতে মৰে।

THE MAN WHO NEVER LAUGHED.

কেতিয়াও নহঁহাঁ মানুহৰ কথা।

 ধন সোন গোলাম বান্দি ইত্যাদি ঐশ্বৰ্য্যেৰ ধনবন্ত এটা মানুহ এটি সরু লৰা এৰি মৰিল পিচে সেই লৰাটি ডাঙ্গ ৰহৈ নানা ৰঙ্গ তামোচাত বিলাই বাপেকে এৰি জোৰা আটাই ধনকে নষ্ট কৰি শেষত এনেহে দুখিয়া হল যে পেট পুহিবৰ নিমিত্তে হজুৱাৰ লগত বন কৰিব ধৰিলে।

 এই অৱস্থাতে সি কেই বচৰ মান থাকিল, এনেতে এদিন কেৱে বনলৈ মাতে বুলি সি এখন বেৰৰ গুৰিত বহি আচিল, পিচে এটা সুৱলি মানুহ বৰ সুন্দৰকৈ পিন্ধি উৰি তাৰ ওচৰলৈ গলত সি সুধিলে বোলে ককাই তুমি মোক আগৈ চিনানে? তাতে সেই মানুহে উত্তৰ দিলে বোলে বুপাই ময় তোমাক আগৈ মুঠ নিচিনো, কিন্তু তুমি এই অৱস্থাত আচা হয় তেও তোমাত ধনৰ চিন পাওঁ হজুৱাইলেক