পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১১৯ )

“GOD GLORIOUS ABOVE ALL HIS WORKS.”
“ঈশ্বৰ তেঁওৰ সকলো সৃষ্টিতকৈ গৌরবান্বিত।”

 আহাঁ ময় কি বস্তু সুন্দৰ তোমাক দেখুৱাওঁ। সম্পূৰ্ণ হৈ ফুটা গোলাপ ফুল অতি সুন্দৰ ফুলৰ কুঁয়ৰী হেন কেনেকৈ ঠানিত বহি আচে তাৰ পাত বোৰ জুইৰ নিচিনা জলে আরু তাৰ সুঘ্ৰাণত বায়ুও সুগন্ধী হইচে সকলোৱে তাক দেখি হৰ্ষ পায়।

 গোলাপ ফুল অতি সুন্দৰ হয় কিন্তু তাতকৈও সুন্দৰ আছে যি গোলাপক স্ৰজিচে তেঁও তাতকৈও সুন্দৰ, তেঁও প্ৰেম স্বৰূপ আরু সকলোৰে চিত্ত হৰ্ষ কাৰক।

 কি বস্তু বলৱন্ত দেখুৱাওঁ আহাঁ। সিংহ বলী, সি যেতিয়া গাঁতৰ পৰা উঠি, গালৰাই আরু যেতিয়া সি আটাহ পাৰে তেতিয়া পথাৰৰ পশু পলায় আরু বনৰ যন্তু বোৰ লুকায় কিয়নো সিংহ অতি ভয়ানক।

 সিংহ বলৱন্ত হয়, কিন্তু যি জনাই তাক স্ৰজিচে তেঁও তাতকৈও বলিষ্ঠ্ আরু তেঁওৰ ক্ৰোধ অতি ভয়ানক। তেঁও আমাক এক মূহুৰ্ত্তকে মাৰিব পাৰে তেঁওৰ হাতৰ পৰা আমাক কেৱে ৰাখিব নোৱাৰে।

 কি বস্তু মহিমাৱন্ত দেখুৱাওঁবলা, সূৰ্য্য গৌৰান্বিত;যেতিয়া তেতঁ আকাশত দিপ্তি কৰে আৰু স্বৰ্গৰ সিংহাসনত বহি পৃথিবীৰ চাৰিও ফালে চায় তেতিয়া তেঁওক পৃথিবীৰ মধ্যত সকলোতকৈ সুন্দৰ আরু মহিমাৱন্ত দেখি।