পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪৫ )

কন্যাও সেই দৰে পৰিল, পিচে সেই কোঁৱৰৰ বূঢ়া বাপেকে অতি হৰ্ষ হৈ এই কলে বোলে হে মহৎ সিপিও ঈশ্বৰে তোক মনুষ্যত কৈ অধিক ধৰ্ম্ম দিচে, হে মহিমাৱন্ত সেনা পতি তুমি এতিয়া এই কৃতজ্ঞ কন্যাৰ আশীৰ্ব্বাদ শুনি যি সন্তোষ পাইচা তাৰ সমান সুখ কি হব পাৰে।

 চিপিও এনে আচিল,তেঁওৰ সদ্গুণ পুৰস্কৃত নোহোৱাকৈ না থাকিল সেই স্পানিয়া ৰজাৰ কোঁৱৰে এনে মহততা, দয়া, আরু শীলতা দেখি অতি আচৰিত হৈ স্বদেশলৈ গৈ সেই মহৎ সেনাপতিৰ সদ্গুণ সকলো ঠাইতে এই বুলি প্ৰকাশ কৰিলে বোলে স্পানিয়া দেশলৈ এজনা এনেহে বিৰ আহিচে যে তেঁও সকলোকে আপোনাৰ দয়া আরু ধৰ্ম্মৰ প্ৰভাৱত যিমান কৈ জিকে বাহুবলৰ দ্বাৰা তিমান নকৰে।

NO BANK OR POSSESSION CAN MAKE A GUILTY

MIND HAPPY.

ধন সোন ঐশ্বৰ্য্য একোৱে দোষী মনক সুখী

কৰিব নোৱাৰে।

 দাইওনিচিচ নামে চিচিলি উপদ্বীপৰ এক ৰজা অতি ধন ৱন্ত আচিল আরু ঐশ্বৰ্য্যৰ পৰা উৎপত্তি হোৱা সকলো সুখ ভোগ কৰিচিল কিন্তু তেও সুখী নাচিল।

 দেমকণ্টস নামে তেঁওৰ এটা খাটনিয়াৰ তেঁওৰ ঐশ্বৰ্য্য দেখি মোহিত হৈ এদিন তেঁওৰ পৰাক্ৰম আরু ধন প্ৰশংসা