(১০৩)
কিন্তু তোমোলাকে এই কথা নিতৌ মনত ৰাখিব আরু যেতিয়া আলিৰে জোৱা আরু ভাল মানুহৰ সমাজত থাকা তেতিয়া অশিষ্ট লৰাৰ নিচিনাকৈ কৰ্ম্ম নকৰিবা।
যি লৰা শিষ্ট হয় সি কোনো ভাল মানুহক অহা দেখিলে অতি নম্ৰ আৰু নত হৈ তেঁওক বাট এৰি দিয়ে, অসজু লৰাৰ নিচিনা হজুৱাৰ দৰে গৰ্ব্বকৈ গাত ঠেলা মাৰি নেজায় যি লৰাৰ এনেকুৱা চৰিত্ৰ তাক শান্তি দিব লাগে।
যেতিয়া তুমি কোনো ভাল মানুহে সৈতে কথা কোৱা যেতিয়া অতি নম্ৰ হৈ কথাৰ উত্তৰ প্ৰত্যুত্তৰ দিব। সদাই আপুনি, দেও, আপোনা বা দেৱৰ অনুগ্ৰহ অনুগ্ৰহকৈ ইত্যাদি মিঠা্ কথা কবা। কেৱে সৈতে কোনো কথাৰ বিবাদ লাগিলে এক আখাৰো কটু কথা ন কব, কিন্তু সকলো কথাতে নম্ৰ হবা। তুমি যদি বৰ ধনৱন্তেই হোৱা তেও শিষ্টাচাৰী নহলে তোমাক কেৱে ভাল নাপাব; যি সকলোকে সমাদৰ কৰে তাক আটাইয়ে প্ৰীতি কৰে, কিন্তু যি গৰ্ব্ব কৰি থাকে তাক কেৱে ভাল না না পাই ঘৃণা হে কৰে।
মান্য জন আহিলে তুমি আগ বাঢ়ি আনিবাৰ্গৈ আরু বিদায় দিওঁতেও আগবঢ়াই থৈ আহিবা, এই সকলকে শিষ্ট হোৱা বোলে। হে প্ৰিয় লৰা বিলাক, এই বোৰ উপদেশ তোমোলাকে মনত সঁচাৰ মাৰিথৈ দিনৰ প্ৰতি মুহৰ্ত্তকে সেই উপদেশেৰে চলিলে নিশ্চয়কৈ তোমলাকক সকলোৱে প্ৰেম কৰিব।