পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৬১ ]

বলৈ আরু আউটিবলৈ নানা বিষৰ অস্ত্ৰ শস্ত্ৰ ললে, আরু কেতবোৰ মানুহ কুলি ধৰিলে; কিন্তু এলঞ্জোৱে কেইটা মান মেৰ চাগ, চাৰিটা বলধ আরু তাঁহাতক বাটত খুৱাবলৈ দ্ৰব্যহে কিনি ললে।

 এই বোৰ লৈ জাহাজ মেলি সিবিলাকে নিৰ্ব্বিঘ্নে আমে ৰিকা দেশ পালে গৈ। তাতে এলঞ্জোৱে ভায়েকক কলে কোলে ময় তোমাৰ উপকাৰ কৰিবলৈহে লগলই আহিচোঁ এতেকে ময় তীৰৰ কোখৰত গরু মানুহ লৈ থাকোঁ, তুমি সোন বিচাৰাগৈ; আরু তোমাৰ যিমান আশা তিমান পালে আকৌ তুমিয়ে সৈতে স্পানিয়ালৈ জাম।

 পিজাৰো এই কথাত সোন বিচাৰিবলৈ ওলাল, কিন্তু ভায়েকৰ কথাত ঘৃণা কৰি তাৰ লগৰিয়া বোৰক কল বোলে ময় ভাবিচিলোঁ যে মোৰ ককাই জ্ঞানৱন্ত, স্পানিয়া দেশতো সকলে তেমে হেন ভাবিচিল, কিন্তু এতিয়া দেখো তাৰ বিপ ৰীত হল। ইয়াত আহি তেঁও বলধ্ গরুৰে ৰঙ্গ কৰিব খুজিচে, তেঁও যেন আপোনাৰ ঘৰতহে থাকি আন একো নকৰাকৈ খেতি কৰিৰ। কিন্তু আমি আমাৰ সময়েৰে কি কৰিব লাগে জানো, এতেকে লৰাহঁত বলা, আমাৰ যদি সুকপাল হয় তেন্তে জিয়াই থকা কেই দিন ধনৱন্ত হৈ খাব পাৰিম।

 এই কথাত সকলোৱে প্ৰশংসা কৰি তেঁও জলৈকে নিয়ে তালৈকে জাবৰ প্ৰতিজ্ঞা কৰিলে, কিন্তু স্পানিয়া দেশৰ এটা