পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৮৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৭৯ )


মুষমান নোপেৱা মানুহ কাকো জাবলৈ নিদিয়াত পূৰ্ব্বে তাৰ কথা গোপনে আচিল কিন্ত ইউৰোপীয় লোকে শেষত এতিয়া তাক প্ৰবন্ধে চাই তাৰ বিবৰণ প্ৰকাশ কৰিলে। মক্কা নগৰ দুই পৰ্ব্বতৰ মধ্যত বৰ ঠেক ঠাই এ ডোখৰত। তাৰ আলি বোরু বালিয়া আরু সমান আরু ঘৰ বোৰ অতি পৰিস্কাৰ আরু সুন্দৰ। আরু শিলেৰে সাজিচে তিনি তলাতকৈ চাপৰ প্ৰায়েই নাই। মক্কাৰ মানুহ বোৰে যাত্ৰিক থাকিবলৈ ঘৰ দি তাৰ কেৰেয়াৰেই প্ৰবৰ্ত্তে; নগৰৰ বজাৰ আলিতে দিয়ে। যাত্ৰিৰ দ্বাৰা মক্কা বৰ প্ৰধান নগৰ হই এক সময়ত পূৰ্ব্বে এক লক্ষ মানুহ থকা বুলি কয় কিন্তু ওয়াবি নামে এক জাতি মুষলমানৰ উপদ্ৰৱত তাত বাস কৰা লোক ভালে মান টুটিল এতিয়া প্ৰায় ত্ৰিস্‌ হেজাৰ মান মানুহ থাকে। মক্কা নগৰত মুষলমান সকলৰ ধৰ্ম্ম স্থাপক মহম্মদ জন্মিচিল। মুষলমান বিলাকে বৰ পবিত্ৰ তীৰ্থ বুলি ভাবে আরু মক্কালৈ গলে বৰ পূণ্য হয় বুলি নানা দূৰ দেশৰ পৰা হেজাৰে২ মানুহ জায়। মক্কা নগৰত এক বৰ সুন্দৰ মন্দিৰ আচে সি চাৰি চুকিয়া অতি ডাঙ্গৰ আরু তিনি চাৰি সাৰিকৈ থুম লগাইচে। যাত্ৰি বোৰ জখলাৰ নিচিনাৰে নামিগৈ এটা বৰ খোঁটালি পাইগৈ। মন্দিৰৰ মধ্যতে কাবা অৰ্থাৎ, নবিৰ গৃহ, সি চাৰি চুকিয়া কলা পাটৰ কাপৰেৰে ঢকা মধ্যতে সোনৰ বন কৰি আখৰ তুলিচে দুৱাৰ খন ৰূপৰ হালপতা মৰা; তাৰ সমুখত ৰূপৰ সোনৰ বন কৰা এখন