পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৬৬ )

সন্তন সন্ততিয়েও তোমাৰ উপমা দেখি তোমাকে তেনেকৈ মান্য কৰিব।


BENEVOLENCE.

হিতেচ্ছা।

 যেতিয়া তুমি তোমাৰ অভাব আরু দোষব কথা বিবেচনা কৰা তেতিয়া হে মনুষ্য জি জনাই তোমাক জ্ঞান দিচে কথা কবৰ শক্তি দিচে আরু পৰস্পৰ সহায় কৰিবলৈ মনুষ্য সভাতে থৈচে তেঁওৰ কৃপা স্বীকাৰ কৰা।

 তোমাৰ আহাৰ, তোমাৰ বস্ত্ৰ, তোমাৰ ঘৰ, তোমাৰ আপদৰ পৰা ৰক্ষা, তোমাৰ জীবনৰ মুখ ভোগ, এই বোৰ সকলোকে তুমি মনুষ্য সমূহৰ সহায় তাৰ পৰা হে পাইচা; এতেকে তুমি মনুষ্য সমূহৰ হিতৈষী হব পোৱা, কিয়নো, মনুষ্য তোমাৰ মিত্ৰ হলে তোমাৰ উপকাৰ হয়।

 যেনেকৈ সুগন্ধি পুষ্পৰ পৰা স্বাভাবিক সুঘ্ৰান ওলাই তেনেকৈ পৰোপকাৰিৰ পৰা সৎ কৰ্ম্ম ওলাই; পৰৰ হিতৈষী মানুহে আপোনাৰ চিত্তত সুখ ভোগ কৰে আৰু চুবুৰিয়াৰ উন্নতিত হৰ্ষ কৰে।

 তেঁও মানুহক অপৱাদ দিয়া কথাত কান নিদিয়ে আরু মানুহৰ দোষ দেখিলে তেওৰ চিত্তে বিষম পায়, তেঁওৰ সদাই ভাল কৰিবৰ হে ইচ্ছা আরু তালৈকে অৱকাশ বিচাৰে, অন্যৰ দুখ গুচালে তেঁও আপোনার দুঃখ গুচা হেন