পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/২০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৮৯ )


পশ্চিমে আরু দক্ষিণ পশ্চিমে ব্ৰহ্মপুত্ৰ, কলং আরু ডুমৰিয়া, আরু দক্ষিণে কচাৰি আরু জয়ন্তিয়া পৰ্ব্বত। এই জিলাৰ পূৰ্ব্বে ঢাৰি ভাগহে আচিল কিন্তু এতিয়া ন ভাগ কৰা গৈচে অৰ্থাৎ মৰং, কলিয়াবৰ, চাপৰি মহল, নগাঁও, মিকিৰ মহল, মিকিৰ পৰ্ব্বত, যমুনা মুখ, ৰহা, দান্তী পুৰ। নগাঁও জিলাৰ প্ৰধান নদী কলং সি বিশ্বনাথৰ গুৰিত ব্ৰহ্মপুত্ৰৰ পৰা ওলাই গুয়াহাটীৰ ওপৰ খিনিতে আকৌ ব্ৰহ্মপুত্ৰত পৰিচে। কিলিং, কপিলী, ধনসিৰি ইত্যাদি নদীও এই জিলাতে। নগাঁৱতে সদৰ ঠা্ই‌, সি কলং নৈৰ পাৰতে আরু দেখিবলৈ বৰ সুন্দৰ।

 শিবপুৰ জিলাৰ উত্তৰে ব্ৰহ্মপুত্ৰ নদ আরু বৰি দিহিং, দক্ষিণে নগৰ পৰ্ব্বত, পূৰ্ব্বে নামচং নদী, আরু পশ্চিমে ধনসিৰি নদী, এই জিলাতে পূৰ্ব্বে স্বৰ্গদেও সকল থকা ৰাজ নগৰ বিলাক আচে আদিতে গৰগাঁও ৰাজধানী আচিল আরু ই অতি ডাঙ্গৰ নগৰ, পিচে তাৰ পৰা ৰাজধানী ৰঙ্গ পুৰলৈ গল; গৰগাঁও দিখৌ নদীৰ পাৰত। ৰঙ্গপুৰো এই নদীৰ কোখৰত আরু পূৰ্ব্বে অতি সুন্দৰ নগৰ আচিল ইংৰা জৰ অধিকাৰ হোৱাতো ইয়াতে আদিতে জিলা পাতিছিল কিন্তু এতিয়া তাৰ পৰা গুচিচে। জোৰহাট নগৰ দিচৈ নদীৰ তীৰত। গৌৰিনাথ স্বৰ্গদেৱৰ দিনত ভালে মান উপদ্ৰৱ হোৱাত ৰাজধানী ৰঙ্গপুৰৰ পৰা জোৰহাটলৈ নিলে কিন্তু তাৰ পৰা ভাগি আহি গুয়াহাটীত হে ৰৈচিল পিচে গুয়া