পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/২০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৯৩ )


খামতি চিঙ্গফৌ ইত্যাদি পৰ্ব্বতিয়া জাতিৰ অধিকাৰ আচিল আরু তুৰবক নামে গৌৰব পাতচাৰ পুতেকে ৰটা নদীৰে পৰা চাই দুৱাৰলৈকে আক্ৰমণ কৰিচিল। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে উত্তৰ পূৰ্ব্ব ফালে বৰাহি মৰাণ তাৰ পশ্চিমৰ পৰা কচাৰি ৰজা আরু তাৰ বাহিৰে নগা ইত্যাদিৰ অধিকাৰ আচিল, এই সকলোবোৰ ঠাই ক্ৰমে ইন্দ্ৰবংশীয় অসম ৰজা সকলৰ অধিকাৰ হল। এতেকে এতিয়া যি ৰজা সকলে গোটেই অসম দেশকে হস্তগত কৰিলৈ ১১৫১ শঁকৰ পৰা ৰাজ্য ভোগ কৰিলে তাৰ প্ৰস্তাৱ লেখিম।

 ইন্দ্ৰবংশীয় অসম ৰজা বিলাকৰ গুৰিৰ কথা নানা লোকে নানা দৰে কয়, সেই বিলাক লেখা বাহুল্য। আদিতে ১১৫১ শঁক আরু ১২২৯ ইংৰাজি শঁকত চুকাফা নামে ৰজা প্ৰথমে সৌমাৰলৈ আহি মটক প্ৰভৃতি নানা পৰ্ব্বতিয়া জাতিক অধীন কৰিলে। তেঁও স্বৰ্গি হলত তেঁওৰ সন্তান সন্ততিয়েই ক্ৰমে নানা ঠা্ই‌ অধিকাৰ কৰি উনচল্লিশ জনা ৰজা হৈ গৈচে। এই উনচল্লি জনা ৰজাৰ দিনত অসম দেশক তিনি প্ৰধান জাতিয়ে আক্ৰমণ কৰিলে; প্ৰথম মুষলমান, দ্বিতীয় মোৱামৰিয়া বা মটক, তৃতীয় মান।

 চুকাফা ৰজাৰ পৰা ১৯ জনা ৰজা হৈ গৈ বিংশতি জনা অৰ্থাৎ চুত্তুমলা হিন্দু মতে জয়ধ্বজ্সিং‌হ ৰজাৰ দিনত ১৫৭৭ শঁকত বঙ্গাল দেশৰ’ নবাব মিৰজুমলাই অনেক সৈন্যেৰে আহি অসম দেশ ললেহি,আমাৰ ৰজা দেও ঠা্ৱ‌ৰিব নোৱাৰি