পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৩৫

 পৃথিবীৰ মধ্যত অনেক ভাষা আচে তাক লেখা বাহুল্য প্ৰধান সংস্কৃত, আৰবি, লাটিন, গ্ৰীক ইত্যাদি।

———

THE LION.

সিংহৰ বিবৰণ।

 সিংহৰ মুৰ আরু গলধন বৰ ডাঙ্গৰ কিন্তু পিচ ভৰিৰ ফালে তাতকৈ সরু তাৰ ডিঙ্গিত ভালে মান চুলি আচে, আরু সৰী- বৰ গঠনেই বলী সিংহ ওখই তিনি হাত মান আরু দিঘলে নেগুৰে সৈতে আঠ নও হাত মানহব সি ডাঙ্গৰে দিঘলে বাঘ আরু পহুৰ মধ্যত ভয়ানক।

 সিংহ অতি বলী তাৰ হাতোৱাৰে কোব মাৰি ঘোৰাৰ মুৰ ভাঙ্গিব পাৰে। ডাঙ্গৰ সিংহে ঘোৰা আরু বলধক লৈ জাব পাৰে; সি বলে নোৱৰা জন্তু প্ৰায়েই নাই, অকল হাতি বাঘ আরু গঁৰেহে সিয়ে সইতে জুজিব পাৰে। সিংহৰ বল আরু সাহৰ নিমিত্তে তাক জন্তুৰ ৰজা বোলে।

 সিংহৰ বৰণ হালধিয়া ৰঙ্গা গলধনৰ চুলিবোৰ ঘোৰ বৰণিয়া আরু কেতিয়াবা কলাও। তাৰ খঙ্গ উঠিলে দেখিবলৈ বৰ ভয়ানক, সি নেগুৰেৰে গাৰ দুইও ফাল কোবায়, ওঠ্ চেলেকে, দাঁত বোৰ উলিয়াই আরু চকুৰ পৰা জুই ও লোৱা হেন দেখি, সিংহে বনে২ ফুৰি মেঘে গৰ্জাৰ দৰে আটাহ পাৰে, যি হাবিলৈ মঁহ পহুই আদি