সমললৈ যাওক

পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৫৫ )


 ইংলণ্ড দেশৰ কোম্পানি বাহাদুৰে চীন দেশৰ পাতচাক ভেঁটিবলৈ দুটা বৰ ঘৰি কৰিচিল তাৰ বিবৰণ কবলৈ ময় পাহৰিব নাপাঁও। সেই ঘৰি দুটা ৰথ খনৰ দৰে কৰিচিল আরু তাতে এটি ৰূপৱতী বিবি বহি আচিল; সেই বিৰিৰ মূৰ্ত্তিৰ তলত আধলিত কৈ অলপ ডাঙ্গৰ ঘৰি এটা আচে, আরু সেই ঘৰি ঘুৰাই নিদিয়াকৈ আঠদিনলৈকে সুন্দৰে ডাঁৰ পৰ বাজি চলি থাকে। সেই বিবিৰ আঙ্গুলিত একাঙ্গুলৰ ১৬ ভাগৰ এভাগ মান ডাঙ্গৰ হিৰা আৰু মুক্তা খতোৱা এটি চৰাই আচে, সেই চৰাইটিয়ে ভিতৰত থকা কলৰ দ্বাৰা পাখি মেলি ভালে মান পৰ জোকাৰে। সেই বিবিৰ মুৰৰ ওপৰত এটা চাতি আচে আরু ভৰিত এটা সোনৰ কুকুৰ আচে।

 লণ্ডন নগৰৰ ডন্সটন নামে গিৰজাৰ এটা ঘৰি চাবলৈ অনেক মানুহ গৈচিল, তাৰ ডাঁৰ পৰ দুটা মানুহৰ মূৰ্ত্তিয়ে ডাঙ্গৰ টাঙ্গনেৰে বজাইচিল কিন্তু সেইটো ঘৰি এতিয়া নাই।

 ঘৰত আরু দুটা বস্তু ঘৰিৰ নিচিনাকৈ ব্যৱহাৰ হয়, তাৰ এটাৰ নাম বায়ুৰ ভাৰ্‌ মাপক, এটাৰ নাম তাপ মাপক যন্ত্ৰ।